ডিজিটেল ডেস্কঃ অসম বিশ্ববিদ্যালয়ৰ ইকো ফৰেষ্ট এলেকা আৰু কাষৰীয়া অঞ্চলত দেখা দিছে অসামাজিক কাৰ্যকলাপ। উপযুক্ত নিৰিক্ষণ তথা সংৰক্ষণৰ অভাৱত ঘৰুৱা ভৱে নিৰ্মিত বন্দুক লৈ মুক্তভাৱে বিচৰণ কৰাৰ লগতে বহুটো গছ কাটি তহিলং কৰিছে আৰু বনৰীয়া জন্তুও হত্যা কৰিছে। বিশ্ববিদ্যালয়ৰ কৰ্মচাৰী, গৱেষক, বা প্ৰকৃতিপ্ৰেমীকে বাধা প্ৰদান কৰিলে ভাবুকি প্ৰদান কৰিছে দুষ্কৃতিকাৰীয়ে।
এনে পৰিস্থিতিত উদ্বিগ্ন হৈ অসম বিশ্ববিদ্যালয়ৰ ইক’লজিকেল ব্ৰিগেডে কাষৰীয়া অঞ্চলটোৰ বাসিন্দা, কাষৰীয়া চাহ বাগিচাৰ শ্ৰমিক, বনকৰ্মীৰ সৈতে এক বৈঠকত মিলিত হয়। তেওঁলোকে বন ধ্বংস ৰোধ কৰাৰ লগতে বন মাফিয়া ৰোধৰ বাবে সভা আৰু সমিতিৰ জৰিয়তে স্থানীয় গাঁওবাসীৰ মাজত সজাগতা সৃষ্টিৰ সিদ্ধান্ত লয়। বন বিভাগৰ ডেপুটি ৰেঞ্জাৰ মৃণালকান্তি নাথেও এই সন্দৰ্ভত সহায়ৰ আশ্বাস প্ৰদান কৰে।পৰিস্থিতি এনে পৰ্যায়লৈ গৈছে এই সন্দৰ্ভত অৱগত নাছিল বুলি স্বীকাৰ কৰে।
অসম বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত উপাচাৰ্য অশোক সেনে কয় যে আমি বনচিকাৰীৰ সৈতে মুখামুখি হ’ব লাগিব উল্লেখ কৰি তেওঁ গৱেষক আৰু শ্ৰমিকসকলক মুখামুখি সংঘৰ্ষৰ আশ্ৰয় লোৱাতকৈ প্ৰযুক্তিগত সহায় লোৱাৰ পৰামৰ্শ দিয়ে। তেওঁলোকক এটা এপ উদ্ভাৱন কৰিবলৈ কয় যাতে তেওঁলোকে বনাঞ্চলত প্ৰৱেশ কৰাৰ সময়ত বনকৰ্মী, আৰক্ষী, আৰু পৰিৱেশবিদসকলে এটা সংকেত লাভ কৰে আৰু প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। সভাত পঞ্জীয়ক প্ৰদোষকিৰণ নাথো উপস্থিত থাকে।
Leave A Comment