ডিজিটেল ডেস্কঃ পৰৱৰ্তী তিনিঘণ্টাত ৰাজ্যত প্ৰবল বৃষ্টিপাত হব বুলি আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ। এই সন্দৰ্ভত সতৰ্কতা জাৰি কৰিলে বতৰ বিজ্ঞান কেন্দ্ৰই। শুকুৰবাৰে নিশা ৭ বজাত বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিলে সতৰ্কবাণী।
পৰৱৰ্তী তিনিঘণ্টাত এই ১৮খন জিলাত বিজুলী-ঢেৰেকনিৰে প্ৰচণ্ড শিলাবৃষ্টি হ’ব। ৰাইজক সাৱধান হৈ থাকিবলৈ আহ্বান।
ৰাজ্যত আজি প্ৰচণ্ড ধুমুহা-বৰষুণৰ আগজাননী প্ৰকাশ কৰিছে কেন্দ্ৰটোৱে।আজি নিশাপৰ্যন্ত বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিলে সতৰ্কবাণী।
বতৰ বিজ্ঞান কেন্দ্ৰই সদৰী কৰা তথ্য অনুসৰি, পৰৱৰ্তী তিনি ঘণ্টাত কোন কোন জিলাত মূষলধাৰ বৰষুণ হ'ব জানি লওক-
বজালী, বাক্সা, বৰপেটা, বঙাইগাঁও, চিৰাং, দৰং, ধুবুৰী, গোৱালপাৰা, কামৰূপ, কামৰূপ (মেট্ৰ’), কোকৰাঝাৰ, মৰিগাঁও, নগাঁও, নলবাৰী, শোণিতপুৰ, তামুলপুৰ, ওদালগুৰি, পশ্চিম কাৰ্বি আংলং।
উক্ত জিলাকেইখনত ধুমুহা-বৰষুণ অহাৰ সম্ভাৱনা আছে। ইয়াৰোপৰি ৰাজ্যৰ অন্যান্য কেইবাঠাইতো হ’ব প্ৰচণ্ড বৰষুণ।
Leave A Comment