• ‘লক্ষেশ্বৰ হাজৰিকা স্পন্দন বঁটা, ২০২৪’ৰ বাবে কবিতাৰ পাণ্ডুলিপি আহ্বান

    আঞ্চলিক
    ‘লক্ষেশ্বৰ হাজৰিকা স্পন্দন বঁটা, ২০২৪’ৰ বাবে কবিতাৰ পাণ্ডুলিপি আহ্বান
    ডিজিটেল ডেস্ক: বিগত বছৰৰ দৰে এইবাৰো সামাজিক-সাংস্কৃতিকমূলক স্বেচ্ছাসেৱী অনুষ্ঠান  ‘স্পন্দন...শব্দৰ পৰা হৃদয়লৈ’ৰ উদ্যোগত আয়োজিত লক্ষেশ্বৰ হাজৰিকা স্পন্দন বঁটা, ২০২৪ ৰ বাবে ৪০ বছৰৰ অনূৰ্ধ্বৰ লেখক-লেখিকাসকলৰ পৰা কবিতাৰ পাণ্ডুলিপি আহ্বান কৰা হৈছে। পাণ্ডুলিপিত ৪০টা কবিতা থাকিব লাগিব। পাণ্ডুলিপিৰ লগত লেখক-লেখিকাসকলে নাম-ঠিকনা-ফোন নম্বৰ আৰু বয়সৰ প্ৰমাণ পত্ৰ গাঁঠি দিব লাগিব। 

    প্ৰকাশিত কিতাপ পাণ্ডুলিপি হিচাপে গ্ৰহণ কৰা নহ’ব। ২০২৪ৰ জুন মাহৰ ৩০ তাৰিখৰ ভিতৰত পাণ্ডুলিপি ডাক বা কুৰিয়াৰযোগে পঠাব পাৰিব। 

    পাণ্ডুলিপিৰ খামত ‘লক্ষেশ্বৰ হাজৰিকা স্পন্দন বঁটা, ২০২৪ৰ বাবে’ বুলি লিখা থাকিব লাগিব। 
    অমনোনীত পাণ্ডুলিপি ঘূৰাই পঠোৱা নহ’ব। এই বঁটাত আছে নগদ ১০,০০০ টকা, এটি ৰূপৰ স্মাৰক, মানপত্ৰ, অংগবস্ত্ৰ আৰু গ্ৰন্থৰ টোপোলা। 

    পাণ্ডুলিপি জমা দিয়াৰ ঠিকনাঃ 
    নিবেদিতা হাজৰিকা
    ২ বি, ব্লক- ৪ 
    শ্বাইন হেভেন এপাৰ্টমেণ্ট
    বাঘৰবড়ী ৰ'ড, সাতগাঁও আমবাৰী। গুৱাহাটী
    ডাক : উদয়ন বিহাৰ
    পিন : ৭৮১১৭১
    ফোন : ৮১৩৫৮৭৩৮৬২

     সবিশেষ জানিবলৈ এই নম্বৰত যোগাযোগ কৰিব পাৰিব:
    ৮১৩৫৮৭৩৮৬২, ৯১০১০৩৮৬৫১, ৮১৩৫৮৪৪৩১৫,  ৭০০২৭৮০২৫২