ডিজিটেল ডেস্কঃ মই এটি মুকলি পখী...উভতিছো ঘৰলৈ বুলি...
এটি মুকলি পখী হৈ তেওঁ আজি উৰা মাৰি গুচি গ’ল অজান দেশলৈ, কোনেও কেতিয়াও নেদেখা সিপাৰলৈ৷ কৈ আছো অৰুণ দাসৰ কথা৷ সেইজনেই অৰুণ দাস যিগৰাকীয়ে ৯০ দশকত গীতেৰে আলোড়নৰ সৃষ্টি কৰিছিল। অসমৰ দৰদী কণ্ঠশিল্পী অৰুণ দাসে আজি পুৱা ৪.৩৫ বজাত সকলোকে কন্দুৱাই শেষ নিশ্বাস ত্যাগ কৰে। গুৱাহাটীৰ সৰুমটৰীয়াৰ নিজ বাসগৃহত তেওঁ চিৰদিনলৈ চকু মুদিলে।
৯০ দশকৰ জনপ্ৰিয় কণ্ঠশিল্পী আছিল অৰুণ দাস। একালৰ ৰকষ্টাৰ অৰুণ দাস। সেই সময়ত হাতত গীটাৰখন লৈ তেওঁ মঞ্চত উঠিলেই দৰ্শকৰ মাজত হৰ্ষোল্লাসৰ সৃষ্টি হৈছিল। অসমীয়া সংগীত জগতৰ নব্বৈৰ দশকৰ ৰকষ্টাৰ আছিল তেওঁ। তেওঁৰ কণ্ঠতেই সুকীয়া ধাৰাত ৰোমাণ্টিক বিৰহ-বেদনাৰে ভৰা জনপ্ৰিয় গীতবোৰে প্ৰাণ পাই উঠিছিল। গানেই আছিল তেওঁৰ বাবে জীৱন। এদিন এই গানৰ বাবেই আনকি তেওঁ নিজৰ চৰকাৰী চাকৰিটোকো এৰি দিছিল। ৰোমাণ্টিক গানৰ এক নতুন জোৱাৰ আনিছিল অৰুণ দাসে। বহুদিনলৈ অবিবাহিত আছিল শিল্পীগৰাকী। পিছত পিংকী দাসৰ সৈতে তেওঁৰ বিবাহ হৈছিল। নিজৰ বুলিবলৈ এটা বাসস্থান নাছিল।
শেহতীয়াকৈ সৰুমটৰীয়াত মাত্ৰ এটা কোঠাত জীৱন অতিবাহিত কৰিছিল পত্নীসহ শিল্পীগৰাকীয়ে। মাজতে ক'ভিডত আক্ৰান্ত হোৱাৰ পাছত অসুস্থতাই লগ এৰা নাছিল শিল্পীগৰাকীৰ। বহু দিনৰ পৰা তেওঁৰ শাৰীৰিক অৱস্থা অতিকৈ বেয়া হৈ আছিল। যদিও তেওঁৰ গীতবোৰ আজিও জনপ্ৰিয়, কিন্তু তেওঁৰ যেন আদৰ আগৰ দৰে নোহোৱা হৈছিল। ভিৰৰ মাজত তেওঁ যেন ক’ৰবাত হেৰাই গ’ল। তেওঁ গুৱাহাটীৰ এটা ভাড়াঘৰতে জীৱনৰ শেষ সময় পাৰ কৰিছিল। অৰুণ দাসে জীৱন সংগ্ৰামেৰে কঠোৰ সময় পাৰ কৰিলে, শেষ সময়লৈকে মানুহজনৰ জীৱন সংগ্ৰামৰ অন্ত নপৰিল
তেওঁৰ জনপ্ৰিয় গীতসমূহৰ ভিতৰত উল্লেখযোগ্য কেইটামান গীত হৈছে- মই এটি মুকলি পখী, তুমি জানো জানা সোণ, নালাগে মৰম নকৰিবা তুমি ভুলতো নক'বা বাৰু ভাল পাওঁ বুলি, মনৰ যাতনা, ভাবিছা নেকি আঁতৰাই ৰাখি মোক পাহৰিব পাৰিবা তুমি, যোৱাগৈ তুমি, অকলে অকলে মই কিমান কান্দিম...আদি।
অৰুণ দাস অসমীয়া সংগীত জগতৰ নব্বৈৰ দশকৰ ‘লিজেণ্ড অৱ নাইণ্টি’ আছিল। অৰুণ দাস আছিল অলেখ গীতৰ স্ৰষ্টা, তেওঁৰ কণ্ঠত ৰোমাণ্টিক বিৰহ বেদনাৰে ভৰা জনপ্ৰিয় গীতবোৰে শ্ৰোতাক শিহৰিত কৰি তুলিছিল। তেওঁ এই পৃথিৱীৰ পৰা গুচি গ’ল যদিও দৰদী কণ্ঠৰ গীতবোৰ আমাৰ মাজত ৰৈ গ’ল যিয়ে তেওঁক মানুহৰ হৃদয়ত জীয়াই ৰাখিব।
Leave A Comment