ডিজিটেল ডেস্ক: নৱবৰ্ষৰ দুটা দিন পাৰ নহওঁতে মহানগৰীত পোহৰলৈ আহিছে এক জঘন্য অপহৰণৰ ঘটনা৷ এগৰাকী ১৩ বছৰীয়া কিশোৰীক অপহৰণৰ পাছত ধৰ্ষণ কৰি ঘৰৰ সমীপত পেলাই থৈ যায় ধৃত যুৱক কেইগৰাকীয়ে৷
প্ৰাপ্ত খবৰ অনুসৰি জালুকবাৰীৰ কৈলাশপুৰৰ এগৰাকী ১৩ বছৰীয়া কিশোৰীক চাৰি যুৱকে অপহৰণ কৰাৰ পাছত দলবদ্ধ ধৰ্ষণৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷
পৰিয়ালৰ অভিযোগ অনুসৰি সুন্দৰবৰ চাৰি যুৱকৰ দলে অপহৰণ কৰি অয়হোটেলত লৈ যায় আৰু দলবদ্ধ ভাৱে ধৰ্ষণ কৰে কিশোৰী গৰাকীক। পাছত কিশোৰী গৰাকীক ঘৰৰ উচৰত পেলায় থৈ যোৱা বুলি অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে।
ইতিমধ্যে ঘটনা সন্দৰ্ভত কিশোৰী গৰাকীৰ পৰিয়ালে জালুকবাৰী আৰক্ষীক অৱগত কৰে।এই পৰ্যন্তজালুকবাৰী আৰক্ষীয়ে পৰিয়ালৰ অভিযোগৰ ভিত্তিত দুজনকৈ যুৱকক আটক কৰে। আৰু বাকী দুজন এতিয়াও পলাতক অৱস্থাত আছে বুলি সদৰি কৰিছে।
আৰক্ষীয়ে আটকাধীন ধৃত যুৱক দুজনৰ নাম আৰিয়ান হুছেইন আৰু ভাশ্যপ ডেকা বুলি সদৰি কৰিছে৷ পৰিয়ালৰ এজাহাৰ মৰ্মে জালুকবাৰী আৰক্ষীয়ে কেচ ৰুজু কৰিছে। কেচ নম্বৰ ০৩/২৪ৰ POCSO আইনৰ অধীনত যুৱক দুজনক জালুকবাৰী আৰক্ষীয়ে আদালতলৈ প্ৰেৰণ কৰিছে৷ হাকী দুজনক এতিয়াও পলতক বুলি জানিব পৰা গৈছে৷
Leave A Comment