ডিজিটেল ডেস্কঃ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক প্ৰদান কৰা হ’ব ভৱানীপুৰ গোপাল আতা বঁটা। বজালীৰ ঐতিহ্যমণ্ডিত ভৱানীপুৰ সত্ৰই প্ৰদান কৰিব এই বঁটা।
সত্ৰ, নামঘৰসমূহক লৈ মুখ্যমন্ত্ৰীগৰাকীৰ গুৰুত্বপূৰ্ণ ভূমিকাক লৈ ভৱানীপুৰ সত্ৰই কৃতজ্ঞতা হিচাবে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ ভৱানীপুৰ গোপাল আতা বঁটা প্ৰদান কৰিব।
ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীৰ লগত সত্ৰ পৰিচালনা সমিতিয়ে যোগাযোগ কৰি এই কথা অৱগত কৰিছে।
১৪ অথবা ১৫ মাৰ্চত মুখ্যমন্ত্ৰী গৰাকীয়ে নিজে সত্ৰলৈ আহি বঁটা গ্ৰহণ কৰিব বুলি জনায় সত্ৰ পৰিচালনা সমিতিয়ে।
বঁটাত থাকিব শৰাই, মানপত্ৰ, চেলেং চাদৰ, গুৰু আসন আৰু নগদ ধন।
বাতৰি সংগ্ৰহঃ জিন্টুল তালুকদাৰ, বজালী
Leave A Comment