ডিজিটেল ডেস্কঃ বাক্সা জিলাৰ গোৱৰ্দ্ধনা আৰক্ষী থানাৰ অন্তৰ্গত কাটাঝাৰ গাঁৱত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা৷ স্বামীক হত্যা কৰাৰ অপৰাধত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে পত্নী আৰু পত্নিৰ প্ৰেমিকক৷
কাটাঝাৰ গাঁৱৰ বাবুলাল হৰিজন নামৰ ব্যক্তি এগৰাকীক দুৰ্বৃত্তই হত্যা কৰি থোৱা অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰিছিল মৃতদেহ৷
বাবুলাল হৰিজনৰ ভাতৃ তপন ৰবিদাসৰ গোচৰৰ ভিত্তিত গোৱৰ্দ্ধনা আৰক্ষীয়ে তদন্ত কৰি হত্যাৰ অপৰাধত গ্ৰেপ্তাৰ কৰে পত্নী মঞ্জু হৰিজন আৰু প্ৰেমিক ৰাণা কুমাৰ ৰামক৷
আৰক্ষী সূত্ৰে জানিব পৰা মতে শিমলাগুড়িত ভাড়াতীয়া হিচাপে থাকি প্ৰেমিকাৰ সৈতে মিলি বাবুলাল হৰিজনক হত্যা কৰি বাংগালুৰ গৈ আত্মগোপন কৰিছিল ৰাণা কুমাৰ ৰামে৷ তাৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৰাণাক৷
Leave A Comment