• মাতৃয়ে ৰান্ধি থকা গৰম দালিৰ কেৰাহীত পৰি ২ বছৰীয়া শিশু অগ্নিদগ্ধ! অৱস্থা সংকটজনক

    আঞ্চলিক
    মাতৃয়ে ৰান্ধি থকা গৰম দালিৰ কেৰাহীত পৰি ২ বছৰীয়া শিশু অগ্নিদগ্ধ! অৱস্থা সংকটজনক
    ডিজিটেল ডেস্কঃ বৰপেটাৰোডত শোকাৱহ ঘটনা৷ মাতৃয়ে ৰান্ধি থকা গৰম দালিৰ কেৰাহীত পৰি এটি শিশু অগ্নিদগ্ধ৷

    বৰপেটাৰোডৰ ৪ নং ৱাৰ্ডত সংঘটিত হ'ল এই মৰ্মান্তিক ঘটনা। দুলাল সাহা নামৰ লোকজনৰ ২ বছৰীয়া দীক্ষিতা সাহা নামৰ কন্যাজনী মাতৃয়ে ৰান্ধি থকা গৰম দালিৰ কেৰাহীত পৰি যায়। ফলত শিশুটোৰ দেহৰ প্ৰায় ৭০% অগ্নিদগ্ধ হয় ।

    পৰিয়ালৰ লোকে স্থানীয় লোকৰ সহযোগত শিশুটোক ততালিকে বৰপেটাৰোড চিকিৎসালয় ভৰ্ত্তি কৰে যদিও শিশুটিৰ অৱস্থা অধিক শোচনীয় হোৱাৰ বাবে গুৱাহাটীলৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰে।

    বৰ্তমান শিশুটি গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন হৈ আছে যদিও চিকিৎসকে জানিবলৈ দিয়া মতে বৰ্তমান চিকিৎসাৰ বাবে ৬ লাখমান টকাৰ প্ৰয়োজন।

    অভাৱগ্ৰস্ত শিশুটিৰ পৰিয়ালৰ বাবে ইমান বৃহৎ ধন সংগ্ৰহ কৰা অসম্ভৱ হৈ পৰিছে৷ সেয়েহে শিশুটিৰ চিকিৎসাৰ বাবে ৰাইজৰ পৰা আৰ্থিক সাহায্য বিচাৰি অনুৰোধ জনাইছে পৰিয়ালৰ লোকে৷

    সদাশয় লোকে দুলাল সাহাৰ 9707864136 নম্বৰত Google pay নম্বৰ যোগে সাহায্য আগবঢ়াব পাৰিব৷