ডিজিটেল ডেস্ক : বটদ্ৰৱাত আজিও সষ্টম নিৰাপত্তাবাহিনী৷ বটদ্ৰৱাত শনিবাৰে বিক্ষিপ্ত ঘটনা সংঘটিত হোৱাৰ পাছত আজি পৰ্যন্ত মাৰ যোৱা নাই চাঞ্চল্য৷ যিকোনো পৰিস্থিতিৰ বাবে সাজু কৰি ৰখা হৈছে আৰক্ষীক৷ ইতিমধ্যে স্থানীয় ৰাইজৰো সহযোগত এই ঘটনাৰ লগত জড়িত কেইবাজনকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে৷ বৰ্তমানলৈকে ২২ জনক আটক কৰা হৈছে।
ইপিনে বটদ্ৰৱা থানালৈ শিল দলিওৱা ধিঙৰ ড্ৰাগছ
মাফিয়া লালুক
চিনাক্ত কৰিছে আৰক্ষীয়ে। ধিঙৰ ড্ৰাগছ সৰবৰাহকাৰী মাষ্টৰমাইণ্ড বুলি পৰিচিত লালুৱে থানালৈ শিল দলিওৱা দৃশ্য বন্দী হৈছে কেমেৰাত। অৱশ্যে বৰ্তমানেও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই লালুক।
আনহাতে, নিশা আৰক্ষীয়ে অভিযান চলাই
মুজিবুৰ আৰু ইনামূল নামৰ দুটা দুধৰ্ষ অপৰাধীৰ ঘৰত। ধিং আৰক্ষীয়ে অভিযান চলাই নিছাজাতীয় টেবলেটসহ মুজিবুৰক গ্ৰেপ্তাৰ কৰে। ইনামূলৰ ঘৰটো অভিযান চলাই যদিও ইনামূল পলাই যাবলৈ সক্ষম হয়। কিন্তু ইনামূলৰ ঘৰৰ পৰা এটা পিষ্টলসহ চাৰি ৰাউণ্ড সজীৱ গুলী উদ্ধাৰ কৰে আৰক্ষীয়ে। পূৰ্বেও ইনামূল আৰু মুজিবুৰৰ বিৰুদ্ধে বহুকেইটা গোচৰ ৰুজু হৈ আছিল ধিং আৰক্ষী চকীত।
Leave A Comment