ডিজিটেল ডেস্কঃ নিকৃষ্ট কাণ্ডই জোঁকাৰিছে বটদ্ৰৱা। বটদ্ৰৱাৰ ৰাজ্যিক ঘাই পথৰ কাষত মুমূৰ্ষু অবস্থাত উদ্ধাৰ এগৰাকী চিকিৎসা কৰ্মী। নগাঁৱৰ এখন আগশাৰীৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত কৰ্মৰত আছিল চিকিৎসা কৰ্মীগৰাকী।
তেওঁৰ নাম আকলিমা খাতুন৷ প্ৰাপ্ত তথ্য অনুসৰি যোৱা ২৩ ডিচেম্বৰত কৰ্তব্য স্থলীৰ পৰা তিনি গৰাকী ছোৱালীয়ে আকলিমা খাতুনক ফুচলাই নিছিল । যি দৃশ্য বন্দী হৈছে চি চি কেমেৰাত। মহাবিদ্যালয়ৰ ইউনিফৰ্ম পৰিহীতা ছাত্ৰী তিনিগৰাকীৰ লগত ওলাই যোৱাৰ প্ৰায় দুঘণ্টা সময়ৰ পিছতেই ক্ষত বিক্ষত অৱস্থাত যুৱতী চিকিৎসা কৰ্মীক বটদ্ৰৱাৰ ভোমোৰাগুৰিৰ পৰা বটদ্ৰৱা আৰক্ষীয়ে উদ্ধাৰ কৰে।
নগাঁও মেট্ৰ' হস্পিতালৰ আই চিউত মৃত্যুৰ সৈতে যুঁজি থকা চিকিৎসা কৰ্মী আকলিমাই সংবাদ মাধ্যমৰ আগত দিয়া ভাষ্য মতে জুৰীয়া মহাবিদ্যালয়ৰ ছাত্ৰী তিনি গৰাকীয়ে আলিটাঙণীৰ জনৈক বিল্লাল খান ওৰফে বিল্লাল উদ্দিনৰ নিৰ্দেশত তেওঁক ফুচলাই নি সোণাইঘাট চলচলিৰ এখন হোটেলত চাওমিন খুৱাইছিল । আৰু তাৰ পাছতেই আকলিমা খাতুন অজ্ঞান হৈ পৰে।
পৰৱৰ্তী সময়ত বটদ্ৰৱা আৰক্ষীয়ে আকলিমাক হানি খুচি পথৰ দাঁতিত পেলাই থোৱাত অচেতন অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
আকলিমাৰ ভাষ্য ইতিমধ্যে লিপিবদ্ধ কৰিছে বটদ্ৰবা আৰক্ষীয়ে! ষড়যন্ত্ৰ কাৰী আৰু হত্যাৰ চেষ্টা কৰা অপৰাধীৰ নাম উল্লেখ কৰাৰ পাছতো এই প্ৰতিবেদন লিখা লৈকে কৰায়ত্ত কৰা নাই আচামীক। আনকি ইমান দিনে বটদ্ৰৱা আৰক্ষীয়ে সংবাদ মাধ্যমৰ পৰা ঘটনা গোপন কৰাৰ অভিযোগ। উপায়ন্তৰ হৈ ভুক্তভোগীৰ পৰিয়ালে আজি নগাঁও আৰক্ষী অধীক্ষকৰ ওচৰত এখনি এজাহাৰ দাখিল কৰে।
Leave A Comment