ডিজিটেল ডেস্কঃ চৰকাৰে গো-মাংস নিষিদ্ধ ঘোষণা কৰাৰ পিছতো চলি আছে গো-মাংসৰ চোৰাং সৰবৰাহ।
নিতৌ গৌৰীপুৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে ন-ন কৌশল অবলম্বন কৰি গো-মাংস গাড়ীৰে সৰবৰাহ হৈ আছে।
আজি শাক-পাচলি কঢ়িয়াই অনা বলেৰ' বাহনত উদ্ধাৰ হয় গো-মাংস।
বস্তাৰ তলত নিষিদ্ধ গো মাংস লুকুৱাই অনা অৱস্থাত ধৰা পেলায় গৌৰীপুৰ আৰক্ষীয়ে।
আৰক্ষীৰ উমান পাই বাহন এৰি পলায়ন কৰে চালকজনে।
আৰক্ষীয়ে AS 17 C 6008 নম্বৰৰ বলেৰো বাহনখনৰ পৰা ৫০০ কেজি নিষিদ্ধ গো-মাংস জব্দ কৰে।
গো-মাংস খিনি চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ পৰা অনা বুলি সন্দেহ প্ৰকাশ কৰে সচেতন ৰাইজে।
ইতিমধ্যে আৰক্ষীয়ে বাহনখন থানালৈ আনি অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে।
Leave A Comment