• কাক ভয় কৰিছে মহানগৰ আৰক্ষীয়ে? বশিষ্ঠত প্ৰহাৰত আহত কনিষ্টবলৰ মেডিকেল ৰিপ'ৰ্ট প্ৰকাশ, প্ৰদীপ বসুমতাৰীৰ ভাঙিছে ৩ ডাল কামিহাড় ,তথাপি বাৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ সাহস নহ'ল আৰক্ষীৰ

    আঞ্চলিক
    কাক ভয় কৰিছে মহানগৰ আৰক্ষীয়ে? বশিষ্ঠত প্ৰহাৰত  আহত কনিষ্টবলৰ মেডিকেল ৰিপ'ৰ্ট প্ৰকাশ, প্ৰদীপ বসুমতাৰীৰ ভাঙিছে ৩ ডাল কামিহাড় ,তথাপি বাৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ সাহস নহ'ল  আৰক্ষীৰ
    ডিজিটেল ডেস্কঃ কাৰ ভয়ত  থমকিছে মহানগৰ আৰক্ষী? কিয় নিজৰ  বিভাগৰেই এজন  কনিষ্টবলক গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰি পোৰা ম'বিল ঢালি দি নাৰকীয় আনন্দ লোৱা বশিষ্ঠৰ আৰক্ষী  প্ৰহাৰ কাণ্ডৰে জৰিত লোকৰ বিৰুদ্ধে ব্যৱস্থা লবলৈ সাহস গোটাব পৰা নাই মহানগৰ আৰক্ষীয়ে?  নে কোনোবা প্ৰভাৱশালী লোকে আৰক্ষীক ব্যৱস্থা গ্ৰহণত বাধা দিছে ?  মহানগৰীৰ THE ECHO BARত  অলপতে সংঘটিত আৰক্ষীক প্ৰহাৰ কৰাৰ ঘটনাৰ ন ন কথা পোহৰলৈ আহিছে।  বাৰৰ গৰাকী  আৰু আন কেইবাজনো লোকৰ প্ৰহাৰত আহত কনিষ্টবলৰ মেডিকেল ৰিপ'ৰ্ট শেহতীয়াকৈ আহি পৰিছে। 

     মেডিকেল ৰিপ'ৰ্ট অনুসৰি ভুক্তভোগী প্ৰদীপ বসুমতাৰীৰ ৩ ডাল কামিহাড় ভাঙিছে। ইমানৰ পিছতো বাৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে ব্যৱস্থা লবলৈ সাহস  হোৱা নাই মহানগৰ আৰক্ষীৰ। ইয়াৰ মাজতে বাৰ কাণ্ডৰ আন এক ঘটনা পোহৰলৈ আহিছে। আৰক্ষীক প্ৰহাৰ কৰি মুকলি আকাশৰ তললৈ  ওলাই  আহিবলৈ সক্ষম হোৱা তিনি অভিযুক্ত ৰেহাই পোৱাৰ  পাছত আন এক ঘটনা সংঘটিত কৰিছে। দেওবাৰে মুকলি কৰি দিছিল আৰক্ষীক প্ৰহাৰ কৰা  তিনি অভিযুক্তকক।সোমবাৰে নিশা সেইসকল লোকেই ফোন কৰি ভাবুকি  দিয়ে আন এজন  আৰক্ষী লেঞ্চ নায়কক।লেঞ্চনায়ক জনে সেইদিনাৰ ঘটনাৰ  ভিডিঅ' কৰি প্ৰচাৰ কৰিছিল সামাজিক মাধ্যমত ।

     জোৱানজনক সোমবাৰে নিশা ১১.১৩ বজাত ফোন কৰিছিল ৰিকি দাস নামৰ লোকজনে ।ফোন কৰি দিছিল মৃত্যুৰ ভাবুকি।ফোন কল ট্ৰেক কৰোতে গম পোৱা গ'ল ফোনটো অংকুৰ দত্তৰ । অংকুৰ দত্ত The ECHO Hub Pub & Grill ৰ স্বতাধিকাৰী। ইয়াৰ পিছতে লেঞ্চনায়ক প্ৰাঞ্জল শইকীয়াই মঙলবাৰে ৰুজু কৰিছিল গোচৰ। কিন্তু কি আচৰিত বুধবাৰে ৰিজাৰ্ভ ক্লোজ কৰা  হ'ল  আৰক্ষী জোৱান জনক। আৰক্ষী জোৱান জনে নিজৰ নিৰাপত্তা বিচাৰি বশিষ্ঠ থানাত গোচৰতৰিছিল । কিন্তু  ইমানৰ পিছতো জোৱান জনক কৰা হ'ল ৰিজাৰ্ভ ক্লোজ ! 

    ঘটনাৰ দিনা আৰক্ষী কৰ্মীজনৰ দুচকীয়া বাহন খনো  জ্বলাই দিছিল  দুৰ্বৃত্তই৷ প্ৰতিদিনে পুৱতি নিশালৈ বাৰখন খোলা ৰখাৰ অভিযোগ উঠিছে। আনকি সেইদিনা দুগৰাকী স্বল্পখ্যাত   অভিনেত্ৰী বাৰ খনত পুৱতি নিশালৈকে আছিল । তেওঁলোককো আৰক্ষীয়ে আটক কৰি পিছত মুকলি কৰি দিছিল। সমগ্ৰ ঘটনাটো এতিয়াও ৰহস্যৰ আবৰ্ততে আছে। আৰক্ষীয়ে সাহসেৰে  ঘটনাটোৰ তদন্ত কৰিলে নিজৰ বাহিনীটোৰ লজ্জা ৰক্ষা পৰিব আৰু অপৰাধীয়ে শাস্তি পাব বুলি হুতে মন্তব্য  কৰিছে।