ডিজিটেল ডেস্কঃ কুকুৰ শৃগাল গৰ্দ্দভৰো আত্মাৰাম। জানিবা সবাকো পৰি কৰিবা প্ৰণাম।" গুৰুজনাৰ এই মহানবাণীক যেন সাকাৰ ৰূপ দিয়াৰ অনন্য প্ৰয়াস এটি অঞ্চলৰ লোকৰ। মানুহ নহয়, এটি ষাড় গৰুৰ মৃত্যুৰ ৩য় দিনা বৈদিক নীতি নিয়মেৰে তিলনি পাতিলে অঞ্চল টোৰ ৰাইজে। হয়, আচৰিত যেন লাগিলেও এয়া এইখন অসমৰ মুলকৰে সত্য ঘটনা।
তিলনিৰ দিনা আগবঢ়াই দিয়া হৈছে শৰাই শলিতা। পাঠকে আগবঢ়াইছে পাঠ। সেৱকীয়ে লৈছে সেৱা। উদ্দেশ্য এটি মৃত ষাড় গৰুৰ আত্মাৰ বৈকুণ্ঠ প্ৰাপ্তিৰ প্ৰাৰ্থনা। মৰিগাঁও জিলাৰ ভূৰাগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত বৰডোবা টুপৰ এটি বুঢ়া ষাড় গৰু বাৰ্ধক্যজনিত কাৰণত আজিৰ পৰা দুদিনৰ আগতে মৃত্যু হৈছিল। ষাড় গৰুটো অঞ্চলটোৰ এটি শিৱ মন্দিৰত এজন ভক্তই প্ৰায় ২২ বছৰৰ আগতে এৰি দিছিল। তেতিয়াৰ পৰা ষাড় গৰুটোৱে সেই অঞ্চল টোতে বাস কৰিছিল। সকলোৰে অতি মৰমৰ আছিল ষাড় গৰুটো। প্ৰতি ঘৰ মানুহৰ পদুলি, চাৰিআলীৰ দোকান সমূহৰ ব্যৱসায়ী সকলে শ্ৰদ্ধা ভক্তি আৰু মৰমেৰে ষাড় গৰুটোক যোগান ধৰিছিল খাদ্য।
কিন্তু অঞ্চলটোৰ লোকৰ অতি মৰমৰ ষাড় গৰুটোৰ প্ৰায় ২৪ বছৰ বয়সত বাৰ্ধক্যজনিত কাৰণত দুটা দিনৰ আগত মৃত্যু হয়। ৰাইজে ষাড় গৰুটোৰ মৃত্যুৰ পাছত পুতি থয় যদিও বুধবাৰে তৃতীয় দিনা তিলনি পাতি নিশা পুথি পঢ়ি নীতি-নিয়মেৰে ষাড় গৰুটোৰ আত্মা বৈকুণ্ঠগামী হোৱাৰ কামনা কৰি ঈশ্বৰৰ ওচৰত সেৱা জনায়।
ষাড় গৰু এটাৰ তিলনি পাতি এনে দৰে সেৱা আগবঢ়োৱা কাৰ্য কোনে কেনে ভাৱে লয় সেয়া ব্যক্তিগত বিষয় যদিও ইয়াৰ দ্বাৰা অঞ্চল টোৰ লোক সকলে যে গুৰু জনাৰ "কুকুৰ শৃগাল গৰ্দ্দভৰো আত্মাৰাম, জানিবা সবাকো পৰি কৰিবা প্ৰণাম।" কথাষাৰৰ সাকাৰ ৰূপ দিলে সেয়া এশ শতাংশ সত্য।
Leave A Comment