ধ্ৰুৱজ্যোতি সাহা
বিহু কৃষিভিত্তিক উৎসৱ। চহা জীৱনৰে সম্পৰ্ক থকা ব’হাগ বিহু চ’ত মাহৰ সংক্ৰান্তিৰ দিনাৰ পৰা আৰম্ভ হৈ ব’হাগ মাহৰ ৬ তাৰিখলৈ সাত দিন ধৰি চলি থাকে। এই সাত বিহুৰ প্ৰথম দিনা চ’তৰ দোমাহীত গৰু বিহু হিচাপে আৰম্ভ হৈ মানুহ বিহু, হাত বিহু, চেনেহী বিহুকে ধৰি শেষৰ দিনা চেৰা বিহুৰে ব’হাগ বিহু সামৰা হয়। এটা সময় আছিল যেতিয়া ব’হাগ মানেই আছিল নতুনক আদৰাৰ অপেক্ষা। যেন নতুনলৈ নতুনৰ কবিতা, ন ন সৃষ্টিৰ উন্মাদনা, সঁজাল কঠিয়া পাৰিবলৈ লোৱাৰ প্ৰস্তুতি।
ব'হাগ মানেই হুঁচৰিৰ সেই চিনাকি ঢোলৰ চাপৰবোৰ, যিবোৰত জীপাল হৈছিল জীৱন-জীৱিকাৰ সন্ধানত কষ্টকৰ সময় অতিবাহিত কৰা মানুহজাক, উদ্ভাসিত হৈছিল পোৱা-নোপোৱাৰ মাজেদি গঢ় লৈ উঠা তেওঁলোকৰ মনবোৰ। কিন্তু, কৃষি সংস্কৃতিৰ আৰম্ভণিৰে পৰা চলি থকা এনে লোক উৎসৱত সম্প্ৰতি ঘূণে ধৰিছে। বসন্তৰ আগমণত উদযাপন কৰা অসমৰ মূল বিহু উৎসৱৰ প্ৰাসংগিকতা আধুনিকতাৰ প্ৰভাৱৰ বাবেই ক্ৰমাৎ হ্ৰাস পাই আহিছে। গাঁৱেই হওক, কিম্বা নগৰেই হওক বসন্তৰ আগমণত নতুন ৰূপৰে জিলিকি উঠা প্ৰকৃতিৰ আহ্বানৰ বিপৰীতে জাকজমকতাক অধিক প্ৰাধান্য দি অহা হৈছে।
আনহাতে, বিশ্বায়নৰ ধামখুমীয়াৰ বাবেই কৃষি কৰ্মৰে সম্বন্ধ থকা অসমীয়াৰ বাপতি সাহোন বিহুৰ মাদকতা সম্প্ৰতি অটল গহ্বৰৰ পিনে ধাৱমান। আনকি, স্বয়ং ডিজিটেল যুগৰ কাণ্ডাৰীসকলৰ পৰিকল্পিত ষড়যন্ত্ৰতে শিল্প-সংস্কৃতিৰে অত্যন্ত চহকী অসমীয়াৰ কৃষ্টি-সংস্কৃতি তথা কৃষি অৰ্থনীতি নিঃশেষ হোৱাৰ উপক্ৰম ঘটিছে।
স্বাধীনতাৰ সাত দশকৰ পাছতো দেশৰ সিংহভাগ কৃষি ভূমিত নাই জলসিঞ্চনৰ পৰ্যপ্ত ব্যৱস্থা। জলসিঞ্চনৰ অভাৱত বহু উৰ্বৰ কৃষি ভূমি পতিত হৈ পৰিছে। কৃষকৰ অক্লান্ত পৰিশ্ৰমৰ বিনিময়ত উৎপাদন হ'লেও উৎপাদিত সামগ্ৰী মজুত কৰি ৰাখিবলৈ নাই পৰ্যাপ্ত শীতলীকৰণৰ ব্যৱস্থা। ফলত, এসময়ৰ চহকী কৃষকে উপায়হীন হৈ সুলভ মূল্যৰ চাউল খাবলৈ বাধ্য হৈছে। এই সুযোগ লৈয়েই ৰজাঘৰীয়াই চাউলৰ ৰাজনীতিৰে ভোট আদায় কৰি ৰাজপাট দখল কৰি আহিছে। আনহাতে, ৰাজপাট দখল কৰিয়েই ৰজাঘৰীয়াই সাধাৰণ কৃষকক দিয়া প্ৰতিশ্ৰুতি পাহৰি নিৰ্বাচনৰ সময়ত সহায় ভিক্ষা লোৱা বৃহৎ পুঁজিপতিৰ বাবে দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰাত লাগি যায়। আনপিনে আকৌ বৃহৎ পুঁজিপতিক কোটি কোটি টকা ঋণ মাফ কৰি সীমাহীন সমস্যাৰে জৰ্জৰিত সাধাৰণ কৃষকক আত্মহত্যাৰ দৰে চৰম পথ ল'বলৈও বাধ্য কৰায় ৰাষ্ট্ৰযন্ত্ৰই।
পথাৰবোৰৰ দৰেই বহুজাতিক কোম্পানীয়ে বিহু সংস্কৃতিকো ক্ৰমাৎ গ্ৰাস কৰিবলৈ ধৰিলে। অসমৰ বাপতিসাহোন বিহু উৎসৰ মাদকতা হ্ৰাস পাই বহুজাতিক চহৰত বাপোতিসাহোনক পুঁজিবাদীৰ বিহুলৈ অত্যন্ত পৰিকল্পিতভাৱে ৰূপান্তৰ কৰা হ'ল। হেঁপাহবোৰ, উছাহবোৰ দেখাত একেই আছে, মাথোঁ নাই আন্তৰিকতাৰে ভৰি থকা নামঘৰৰ বৰগছ অথবা জৰীজোপাৰ তলৰ সেই চিনাকি উকিবোৰ, নাই সেই কেঁচা মাটিৰ সুগন্ধি বিয়পি থকা সুবাসবোৰ, নাই সেই জীপাল ঢুলীয়া-নাচনীজাকৰ হুচঁৰিযোৰ। এই সকলোবোৰেই গ্ল'বেলাইজ বিহুত জাহ গ'ল৷ আমাৰ অভিমানেৰে ভৰা হুচঁৰিজাক পুঁজিবাদী ঘৰৰ অহংকাৰত পৰিণত হ'ল। এতিয়াৰ বেছিভাগ হুচঁৰিয়েই হৈছে বোকা নগচকা মানুহৰ চোতালৰ বন্দী, এতিয়াৰ হুচঁৰি হৈছে নাঙলৰ মুঠি নধৰা মানুহৰ সম্পত্তি। মুঠতে এতিয়া ৰঙালী বিহুৰ নামত বুভুক্ষ চুবুৰিত উদযাপিত হয় কেৱল ৰঙহীন বিহু। ৰঙালীৰ উচাহ-উদ্দীপনা, ৰঙবোৰ হেৰাই গৈছে ইলেকট্ৰনিক হৃদয়ৰ আভিজাত্যত।
সংস্কৃতিৰ পণ্য ৰূপৰ বাবেই আজিৰ জিঅ' প্ৰজন্মই ম’বাইল, ইণ্টাৰনেট, ইউটিউৱ, লেপটপ আদিৰ স’তে একাকাৰ হৈ বিকৃত মানসিকতাৰ পৰিচয় দি গৌৰৱ অনুভৱ কৰা হ’ল৷ অগ্ৰজ সকলৰ উদাসীন মনোভাৱৰ বাবেই বিহুসুৰীয়া আধুনিক গীতবোৰকে বিহু গীত বুলি প্ৰচাৰ কৰি বাৰেবিংকৰা বিজতৰীয়া শব্দ প্ৰয়োগ কৰিবলৈ কুণ্ঠাবোধ নকৰা হ’ল৷ কৃষি ভিত্তিক উৎসৱটোত কৃষক, পথাৰৰ স্থান ক’ৰবাতে ৰাখি একাংশ লোকে বিহুত হিন্দী, ইংৰাজীৰো পয়োভৰ ঘটাই সম্পূৰ্ণ পণ্যৰ ৰূপ দি নামী দামী গায়ক গায়িকাক লৈ সংস্কৃতিৰ নামত বেপাৰ আৰম্ভ কৰিলে৷ বিহু বুলিলে মাকোৰ খিটখিটনি, গৰুক গা ধুওৱা, জ্যেষ্ঠজনক সেৱা কৰা, দুমাহমান আগৰে পৰা বিহুৱানৰ বাবে সূতা কটা, তাঁত বোৱা, ঘৰে ঘৰে গৈ হুঁচৰি, সেই হুঁচৰিৰ ধনেৰে গাঁৱৰ নামঘৰ, বিদ্যালয় মেৰামতি কৰা আদি বিষয়বোৰ একপ্ৰকাৰ অতীত হ’ল৷
তাৰ পৰিৰ্ৱতে বিভিন্ন বহুজাতিক কোম্পানীৰ বিজ্ঞাপনেৰে আৰম্ভ হ’ল মঞ্চ বিহুৰ অঘোষিত প্ৰতিযোগিতা৷ কোন গায়ক কিমান জনপ্ৰিয়, নিজৰ ঘৰৰ বিহুমঞ্চত গীত পৰিৱেশনৰ বাবে কিমান ধন প্ৰদান কৰিব সেই লৈ নিউজ চেনেলবোৰত ব’হাগৰ এমাহৰ পূৰ্বৰে পৰা কচৰৎ আৰম্ভ হ’ল৷ গান গোৱা গায়কক জধে মধে ধৰি আনি শিল্পী হিচাপে চিনাকি দিবলৈ কুণ্ঠাবোধ নকৰা এই চেনেলবোৰৰ একাংশই তিনি মাহ পৰ্যন্ত বিহু উদ্যাপন কৰিবলৈ ধৰিলে৷ বিহুৰ নামত কেৱল প্ৰতিযোগিতা আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'বলৈ ধৰিলে৷ বিহু যেন কেৱল বিনোদনৰ আহিলা, সেই ধৰণেই উপস্থাপন কৰা হ’ল। চোৰ দগাবাজ বুলি কোনো কথা নাই যিজনে সৰহ বৰঙণি আগবঢ়াব পাৰে তেওঁকেই মঞ্চবিহুৰ কাণ্ডাৰী সকলে ভাল মানুহৰ চাৰ্টিফিকেটখন দিব পৰা হ’ল৷ গছ তলৰ বিহুক মঞ্চলৈ আনি জগত সভালৈ নিয়াৰ সুস্থ চিন্তাক সম্পূৰ্ণ ৰূপে উপেক্ষা কৰা হ'ল। এইক্ষেত্ৰত ৰজাঘৰীয়াও এখোপ চ’ৰা৷ পৰিৱৰ্তনৰ সপোন দেখুওৱা ৰজাঘৰীয়াই হিতাধিকাৰী সৃষ্টি কৰা দি বিহু পাতিবলৈয়ো সাহায্য প্ৰদান কৰি বিহু সংস্কৃতিৰ স্বকীয়তাক চৰকাৰী অনুষ্ঠান কৰাৰ ক্ষেত্ৰত এঢাপ আগবাঢ়ি আহিল৷
মঞ্চ বিহুৰে লগত জড়িত অধিকাংশৰে পথাৰৰ লগত কোনো ধৰণৰ সম্পৰ্ক নথকাৰ বাবেই খাটিখোৱা মেহনতী জনতাৰ উৎসৱ বিহুৰ স্বকীয়তা নাইকিয়া হোৱাৰ উপক্ৰম ঘটিছে। আধুনিক বাদ্যযন্ত্ৰৰে পৰিবেষ্টিত বিহু সুৰীয়া গীতকে বিহু নাম বুলি প্ৰচাৰ কৰাৰ বাবেও জাতীয় স্বাভিমানত গ্ৰাম্য জীৱনৰ আভাস ক্ৰমাৎ হ্ৰাস পাই আহিছে৷ আধুনিকতাৰ প্ৰভাৱে বিহুৰ প্ৰসাৰতা বৃদ্ধি কৰিছে সঁচা কিন্তু, বিকৃত উপস্থাপনে লোক কলাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে৷ বিহুৰ মৌলিকতা ৰক্ষাৰ হেতু লোক কলাৰ স’তে জড়িত চিন্তাশীল লোক, জাতীয় সংগঠন, সংবাদ মাধ্যম তথা সচেতন লোকসকলে তাত্ত্বিক আৰু বাস্তৱসন্মত বিষয়বোৰত গুৰুত্ব প্ৰদান কৰিব লাগে৷ অন্যথা বিহু সংস্কৃতিৰ সমান্তৰালকৈ অসমীয়া জাতীয় জীৱনো যে নিঃশেষ নহ'ব তাক নুই কৰিব নোৱাৰি৷
দূৰভাষঃ ৯১০১৩০২৩৩১
Leave A Comment