• গৰু বিহুৰ পৰম্পৰাঃ ১০১ বিধ শাকেৰে অসমীয়াৰ এসাজ, অখিল গগৈৰ অৰ্কিড উদ্যানতো গজি উঠিছে ১০১ বিধ শাক, কি সেই ১০১ বিধ শাক? জানো আহক

    আঞ্চলিক
    গৰু বিহুৰ পৰম্পৰাঃ ১০১ বিধ শাকেৰে অসমীয়াৰ এসাজ, অখিল গগৈৰ অৰ্কিড উদ্যানতো গজি উঠিছে ১০১ বিধ শাক, কি সেই ১০১ বিধ শাক? জানো আহক
    ডিজিটেল ডেস্কঃ অসমীয়াৰ হেঁপাৰ ৰঙালী বিহু আহি পদুলী মুখ পালেহি। গৰু বিহুৰ দিনা তাহানিৰ দিনৰে পৰাই অসমীয়াই ১০১ বিধ শাক খাই আহিছে। বিশ্বাস কৰা হয় যে গৰু বিহুৰ দিনা ১০১ বিধ শাক খালে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়। এয়া অসমীয়া সমাজৰ এক পৰম্পৰা। কাজিৰঙাত থকা অখিল গগৈৰ অৰ্কিড উদ্যানতো গজি উঠিছে ১০১ বিধ শাক। গগৈয়ে ইতিমধ্যে তেওঁৰ ফেচবুক পোষ্টত এই কথা প্ৰকাশ কৰিছে। অখিল গগৈয়ে প্ৰকাশ কৰা মতে গৰু বিহুৰ দিনা ১০১ বিধ শাকেৰে অৰ্কিড উদ্যানত মানুহক আপ্যায়ন কৰা হ’ব।  কিন্তু কি সেই এশ এবিধ শাক, জানেনে? আহক জানো অসমীয়াই পৰম্পৰাগত ভাবে গৰু বিহুৰ দিনা খোৱা ১০১ বিধ শাকৰ নাম-



    ১) মানধনিয়া

    ২) মৰলীয়া পাত

    ৩) মধুসোলেং

    ৪) আৰফুল

    ৫) আমৰ মল

    ৬) আনাৰসৰ কোঁহ

    ৭) আলুগুটিৰ পাত

    ৮) আদাপাত

    ৯) আগেজলা

    ১০) ওলকচুপাত

    ১১)ওলকবি পাত

    ১২) কঁঠালৰ মুচি

    ১৩) কেঁহেৰাজ শাক

    ১৪) কচুশাক

    ১৫) কুঁহিয়াৰ পাতৰ আগ

    ১৬) কুকুৰাঠেঙীয়া

    ১৭) কোৱাভাঁতুৰি

    ১৮) কেঞাবন

    ১৯) কাচিপকা

    ২০) কাচকল পাত

    ২১) কাঠ আলু পাত

    ২২) কৰ্দৈ পাত

    ২৩) কলমৌ শাক

    ২৪) কুহিলা পাত

    ২৫) কল পচলা

    ২৬) কোমোৰা পাত

    ২৭) কেৰেলা পাত

    ২৮) খুতৰা শাক

    ২৯) গাখীৰতী

    ৩০) গাজৰ পাত

    ৩১) গৰুখিচ

    ৩২) চুকাশাক

    ৩৩) চজিনা পাত

    ৩৪) চালকুঁৱৰী আগ

    ৩৫)চিৰতা পাত

    ৩৬) চয়াবিন পাত

    ৩৭) জিলমিল শাক

    ৩৮) জেতুলীপকা পাত

    ৩৯) জালুকপাত

    ৪০) জলকীয়া পাত

    ৪১)জবাফুল

    ৪২) জ্যেষ্ঠমধু পাত

    ৪৩) জৱেত্ৰী

    ৪৪) লাইজাবৰী

    ৪৫) জিকা পাত

    ৪৬) টিকনি বৰুৱা

    ৪৭) টুপুৰী লতা

    ৪৮) টেঙামৰা

    ৪৯) টেঙেচি টেঙা

    ৫০) তিতাফুল

    ৫১)তিল পাত

    ৫২) তুলসী

    ৫৩) তিঁয়হ পাত

    ৫৪) থেকেৰা পাত

    ৫৫) থেৰেজু পাত

    ৫৬) দাংবদি

    ৫৭) দোৰোণশাক

    ৫৮) সোণবৰীয়াল

    ৫৯) দুপৰটেঙা

    ৬০) ধুন্দুলি পাত

    ৬১) ধতুৰা

    ৬২) ধনিয়া

    ৬৩) ঢেকীয়াশাক

    ৬৪) নৰসিংহ

    ৬৫) নহৰু পাত

    ৬৬) নেফাফু

    ৬৭) নুনি পাত

    ৬৮) নিলাজী বন

    ৬৯) পিৰালি পালেং

    ৭০) পিঁয়াজপাত
    ৭১) পদিনা

    ৭২) পিৰালি কুঁৱৰী

    ৭৩) পটল পাত

    ৭৪) পালেং

    ৭৫) পুৰৈশাক

    ৭৬) পনৌনৌৱা

    ৭৭) পচতীয়া

    ৭৮) পিপলি

    ৭৯) ব্ৰাহ্মীশাক

    ৮০) বিলাহী পাত

    ৮১) বন্ধাকবি

    ৮২) বনজালুক

    ৮৩) বেতগাজ পাত

    ৮৪) বেঙেনা পাত

    ৮৫) বৰথেকেৰা পাত

    ৮৬) বিহলঙনি

    ৮৭) বকফুল

    ৮৮) বৰমানিমুনি

    ৮৯) বৰবৰীয়াল

    ৯০)বৃন্দাবন

    ৯১) বহমথুৰি

    ৯২) বিশল্যকৰণি

    ৯৩) ভেদাইলতা

    ৯৪)ভাঙৰ আগ

    ৯৫) ভৃঙ্গৰাজ

    ৯৬) ভেকুৰি তিতা

    ৯৭) ভেঁটফুল

    ৯৮)মাটিকাঁদুৰি

    ৯৯) সৰু মানিমুনি

    ১০০) মহানিম

    ১০১) মচন্দৰী
    এইবোৰৰ উপৰি আন কেইবাবিধো শাক মিহলাই মুঠতে ১০১ বিধ কৰি অসমীয়াই খোৱাটো এক পৰম্পৰা হিচাবে যুগ-যুগান্তৰ ধৰি চলি আহিছে।