ডিজিটেল ডেস্কঃ আকৌ আহিল বহাগ। এতিয়া উদুলি-মুদুলি অসমীয়াৰ পদুলি। মাজত মাত্র এটা দিন। তাৰ পাছতেই বিহুবলীয়া অসমীয়া মতলীয়া হ'ব হেঁপাহৰ, প্ৰাণৰ ৰঙালীৰ ৰঙত। চৌদিশে এতিয়া মাথোঁ ঢোলৰ গুমগুমনি, নাচনী গাভৰুৰ লয়লাস খোজত যেন উন্মনা হৈ পৰিছে প্রকৃতিও। কাইলৈ ৰঙালী বিহুৰ উৰুকা। পিঠা-পনাৰ যোগাৰ কৰাত ব্যস্ত।
কিন্তু বসন্তই মানুহৰ মন ৰঙাই গ'লেও বজাৰত যেন ৰঙালীৰ পূৰ্বৰ উথপথপ, পূৰ্বৰ ৰং নাই। কেৱল গুৱাহাটীৰে নহয় ৰাজ্যখনৰে বাণিজ্যিক প্রাণকেন্দ্ৰ ফাঁচিবজাৰৰ আজি বহু বিক্রেতাই আক্ষেপ কৰি ক'লে যে পূৰ্বৰ তুলনাত এইবাৰ বিহুৰ বজাৰ একেবাৰেই সেমেকা। বিহু-পূজা বুলি ক'লে বিৰ দি বাট নোপোৱা হোৱা ফাঁচিবজাৰৰ কেইবাজনো প্রতিষ্ঠিত ব্যৱসায়ীয়ে কয় যে বজাৰত এইবাৰ মানুহ নাই, দোকান খালী আছে।
নিয়ম মতে, বিহুৰ এসপ্তাহ আগৰ পৰাই দোকানত থিয় হ'বলৈ ঠাই নাথাকে। একাংশ ব্যৱসায়ীয়ে অনলাইন ব্যৱসায়ৰ আগ্রাসনৰ বাবেই বজাৰ ব্যৱস্থাৰ সলনি হোৱা বুলি আক্ষেপ প্রকাশ কৰে। অৱশ্যে, অনলাইন বজাৰে ফাঁচিবজাৰ সেমেকাই তুলিছে যদিও অসমীয়া বিহুৰ উছাহ অলপো ম্লান হোৱা নাই। বজাৰ ভৰি পৰিছে চিৰা, আখৈ, মুড়ি আদিৰ লগতে বিভিন্ন প্ৰকাৰৰ বিভিন্ন ঠাইৰ দৈ-ক্ৰীম আদি নানান খাদ্য সম্ভাৰেৰে। মানুহেও ভিৰ কৰিছে দোকানত পচন্দৰ খাদ্য বিচাৰি। সেইদৰে একাংশ শিক্ষানুষ্ঠানতো হৈছে প্রাক্ বিহু উদযাপন, উখল-মাখল হৈ পৰিছে গাঁও-চহৰৰ ৰংগমঞ্চবোৰ। কাৰণ এইবোৰ ৰংগমঞ্চ, মুকলি পথাৰতে চলিছে বিহুৰ আখৰা, কর্মশালা।
অৱশ্যে, ৰঙালীৰ ৰং-ৰহইচ, মানুহৰ আনন্দ-উল্লাসৰ মাজত ক'ৰবাত যেন হেৰাই গৈছে ৰঙালীৰ আচল ৰং, প্ৰকৃত পৰম্পৰা। নগৰত বাদেই এতিয়া গাঁৱতো নোহোৱা হ'ল গৰু, গৰুক দিবলৈ যাগ, দীঘলতী-মাখিয়তী। আজিৰ প্ৰজন্মই শুনাই নাই এশ এবিধ শাকৰ নাম, বজাৰতো দীঘলতী, মাখিয়তী আদি হৈ পৰিছে দুর্লভ। কৃষিকৰ্মত গৰুৰ ঠাই লৈছে পাৱাৰটিলাৰে। হয়তো এই পৰিৱৰ্তনৰ বাবেই ৰঙালীৰ পৰম্পৰাবোৰ হৈ পৰিছে সংকুচিত। কিন্তু হ'লেও পদূলিমুখত ৰৈ আছে হেঁপাহৰ ৰঙালী আৰু ৰঙালীক আদৰিবলৈ উন্মুখ-উন্মনা হৈ উঠিছে অসমীয়া, কাৰণ কাইলৈ উৰুকা...
উৎস- দৈনিক জনমভূমি
Leave A Comment