ডিজিটেল ডেস্কঃ দিছপুৰ আৰক্ষীৰ জালত আন্তঃৰাষ্ট্ৰীয় গাড়ী চুৰি চক্ৰ৷ মেঘালয়ৰ ইষ্ট খাচী হিলচৰ পৰা উদ্ধাৰ চাৰিখনকৈ চুৰি বাইক ।
অসমৰ পৰা চুৰি হোৱা বাইককেইখন বাংলাদেশলৈ সৰবৰাহৰ চেষ্টা কৰিছিল চক্ৰটোৱে৷ মেঘালয় হৈ বাংলাদেশ সীমান্তৰে বাইক কেইখন সৰবৰাহ কৰিব চেষ্টা কৰিছিল চক্ৰটোৱে৷
চোৰাং বাইকসহ তিনি কুখ্যাত বাইক চোৰ জালত পৰে দিছপুৰ আৰক্ষীৰ৷
আৰক্ষীৰ জালত পৰা কুখ্যাত সৰবৰাহকাৰীকেইটা হল চাদ্দাম খান, ৰফিকুল আলী আৰু চাইফুল আলী৷
আনহাতে আৰক্ষী যোৱাৰ উমান পাই চক্ৰটোৰ কেইবাটাও পলাবলৈ সক্ষম হয়৷
গুৱাহাটীৰ পৰা পৰা কেনেকৈ বাইক চুৰি কৰা হয় সেই সন্দৰ্ভত বাইক চোৰকেইটাই দিলে বিস্ফোৰক স্বীকাৰোক্তি৷
লাষ্টগেটৰ পৰা চক্ৰটোৱে বাইক চুৰি কৰি লৈ গৈছিল শ্বিলঙলৈ৷
শ্বিলঙৰ আলম নামৰ এজনক কেইটামান টকাৰ বিনিময়ত চুৰি গাড়ী চমজাই দিয়ে চক্ৰটোৱে৷ শ্বিলঙৰ পৰা ডাউকী হৈ বাংলাদেশলৈ লৈ যোৱা হয় চুৰি গাড়ী৷
মাত্ৰ ২০-৩০ হাজাৰ টকাত একোখন বিলাসী বাইক বিক্ৰী কৰি দিয়ে চক্ৰটোৱে৷
Leave A Comment