• অসম চৰকাৰ বিষ্ণুৰাভা দিৱসৰ আয়োজন; কাক কাক প্ৰদান কৰা হ‘ব বঁটা?

    আঞ্চলিক
    অসম চৰকাৰ বিষ্ণুৰাভা দিৱসৰ আয়োজন; কাক কাক প্ৰদান কৰা হ‘ব বঁটা?

    ডিজিটেল ডেস্ক: অসম চৰকাৰে ডিব্ৰুগড়ত কেন্দ্ৰীয়ভাৱে আয়োজন কৰিছে বিষ্ণুৰাভা দিৱস৷ অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু ডিব্ৰুগড় জিলা প্ৰশাসনৰ সহযোগত জিলাখনৰ চৌকিডিঙী খেলপথাৰত অনুষ্ঠিত বিষ্ণুৰাভা দিৱস৷




    এই অনুষ্ঠানত দুগৰাকী বৰেণ্য শিল্পীক ২০২২ বৰ্ষৰ বিষ্ণুৰাভা বঁটাৰ লগতে অসমৰ কলা-সংস্কৃতি, সমাজ আৰু সাহিত্য ক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে ১২গৰাকীকৈ খ্যাতনামা ব্যক্তিক ৩টা ৰাষ্ট্ৰীয় আৰু ৯টা ৰাজ্যিক পৰ্যায়ৰ বঁটাৰে সন্মানিত কৰা ব৷ ২০২১ বৰ্ষৰ কালিচৰণ ব্ৰহ্ম ৰাষ্ট্ৰীয় বঁটা, কৃষ্ণকান্ত সন্দিকৈ ৰাষ্ট্ৰীয় বঁটা আৰু আজান পীৰ ৰাষ্ট্ৰীয় বঁটাৰ বাবে ক্ৰমে নগালেণ্ডৰ লোকতত্ত্বৰ গৱেষক ° অনুংলা আয়াৰ, অসমৰ গৱেষক-পণ্ডিত ° নৰেন কলিতা আৰু লোকতত্ববিধ ° অমলেন্দু ভট্টাচাৰ্যক মনোনীত কৰা হৈছে৷


    আনহাতে, দহটা ৰাজ্যিক পৰ্যায়ৰ বঁটা ক্ৰমে ২০২২ বৰ্ষৰ বিষ্ণুৰাভা বঁটাৰ বাবে চিত্ৰশিল্পী চন্দ্ৰকমল গগৈ আৰু পটিয়সী শাৰদী শইকীয়া, গীতিকাৰ পাৰ্বতীপ্ৰসাদ বৰুৱা বঁটাৰ বাবে অভিনেত্ৰী মৃদুলা বৰুৱা, অমলপ্ৰভা দাস বঁটাৰ বাবে ইলা বৰগোহাঁই, চন্দ্ৰপ্ৰভা শইকীয়ানী বঁটাৰ বাবে লীলাৱতী কুশ্ৰে, মামণি ৰয়ছম গোস্বামী বঁটাৰ বাবে ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰী, চৈয়দ আব্দুল মালিক বঁটাৰ বাবে ছবিলাল উপাধ্যায়, আহমদ আলী বাঁশকান্দি বঁটাৰ বাবে চৈয়দ ছাদুল্লা, গণেশ গগৈ বঁটাৰ বাবে বংশী বৰা, স্বৰ্গদেউ সৰ্বানন্দ সিংহ বঁটাৰ বাবে হেমন্ত গোহাঁই, শোণিত কোঁৱৰ গজেন বৰুৱা বঁটাৰ বাবে ননী বৰুৱাক মনোনীত কৰা হৈছে৷



     



    ২০ জুনৰ সন্ধিয়া -৩০ বজাত আয়োজিত অনুষ্ঠানত ৰাজ্যৰ মুখ্যমন্ত্ৰী ° হিমন্ত বিশ্ব শৰ্মাই এই বঁটাসমূহ প্ৰদান কৰা ব৷ অনুষ্ঠানত কেন্দ্ৰীয় খাদ্য সংসাধন বিভাগৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰা, ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনকে ধৰি কেইবাগৰাকীও বিধায়ক আৰু প্ৰশাসনিক বিষয়া উপস্থিত থাকিব৷