ডিজিটেল ডেস্কঃ ওদালগুৰিৰ টংলাৰ পানেৰীৰ ৰাইজৰ মাজত কৌতুহল ৷ এটা হাঁহৰ কণীয়ে ৰাইজৰ মাজত সৃষ্টি কৰিছে এই কৌতুহলৰ । সাধাৰণতে কণী বগা বুলি আমি সকলোৱে জানো ,শুনিবলৈ আচৰিত যদিও হাঁহে পাৰিলে ক'লা কণী।পানেৰীৰ হেমন্ত কলিতা আৰু হিতুমণি কলিতাৰ বাসগৃহত এটা পাতিহাঁহে পাৰিছে ক’লা কণী । এটা দুটা নহয় তিনিটাকৈ ক’লা কণী পাৰিছে হাঁহজনীয়ে৷
আপুনি ঘৰত অথবা দোকানত বগা কণী দেখিছে , এতিয়া এটা হাঁহৰ ক'লা কণীক লৈ কৌতুহল পানেৰীৰ অঞ্চলজুৰি ৷ পানেৰীত পোৱা কণী কোনো শিল্পীৰ হাতৰ পৰশত প্ৰাণ পাই উঠা শিল্পকৰ্ম নহয়, নহয় চীনে পঠোৱা কোনো প্লাষ্টিকৰ কণী অথবা ব্ৰয়লাৰ কণী ৷ শুনিবলৈ আচৰিত লাগিলেও সপোন-সপোন লগা এটা দৃশ্য ৷ কিন্তু এয়া সপোন নহয় অথবা মনে সজা কাহিনীও নহয় । এটা ক’লা কণীক লৈ কৌতুহল লাগিছে পানেৰীৰ অঞ্চলটোত ৷ কেইবাদিনো ধৰি ক’লা কণী চাবলৈ ঘৰখনলৈ ঢাপলি মেলিছে বহুলোকে৷ ওদালগুৰি জিলাৰ টংলাৰ পানেৰীৰ ঘটনা এয়া৷কোনোদিনে নোহোৱা নোপোজা ঘটনাক উৎকণ্ঠিত অঞ্চলটোৰ ৰাইজ । কোনোদিনে নেদেখা দৃশ্য দেখি হৰি হৰি সোঁৱৰিছে ৰাইজে ৷ এতিয়া এয়া এক আশ্চৰ্যজনক ঘটনা বুলিয়ে ৰাইজৰ বিশ্বাস ৷
Leave A Comment