প্ৰতি অসমীয়াই আজি উপলব্ধি কৰে, গাঁওমুখী বিহু কিয়-সকলো গাঁৱৰ লোকেই গাঁও এৰি নগৰমুখী হ’ল।
কোন বাটেৰে
বাট মুঠতে দুটা। ভাববাদীসকলে প্ৰকৃতিৰ সৈতে সংগ্ৰামক পৰিহাৰ কৰিবলৈ বিচাৰে-‘অলৌকিক’ শক্তিৰ গাত আউজি, শুদ্ধ জ্ঞান অৰ্জন’ কৰাকেই শৃংখলাৰ বাট বুলি প্ৰমাণ কৰিবলৈ বিচাৰে। তেওঁলোকৰ মতে প্ৰকৃতিৰ সৈতে সংগ্ৰাম কৰি সমাজ উন্নত কৰিব নোৱাৰি, সলনি কৰিব নোৱাৰি-চিন্তা আৰু যুক্তি দৰ্শাই অপূৰ্ণ জ্ঞানক, অশুদ্ধ ধাৰণাক সলনি কৰাহে প্ৰকৃত কাম, সমাজৰ সুশৃংখলা আহে এই শুদ্ধ জ্ঞানৰ পৰাই। অৰ্থাৎ পৃথিৱী তথা সমাজক সলনি কৰিব নোৱাৰি, সলনি কৰিব লাগিব মনক শুদ্ধ কৰিব লাগিব আপোন আত্মাক। এই চিন্তাধাৰাৰ পৰাই ভাববাদৰ উৎপত্তি। আমি ভাবোঁ, এই ভাববাকৰ ভাল পায় মাথোন অৱসৰভোগী শ্ৰেণীয়েহে। গতিকে (eastablishment) শাসক শ্ৰেণীৰ প্ৰতিষ্ঠিত সমাজৰ সমৰ্থনত আৰু অধিক সুপ্ৰতিষ্ঠিত কৰাৰ প্ৰয়োজনতে এই ভাববাদৰ উৎপত্তি। এই ভাবাবাদীসকলে ইমানদিনে ভাৰতক পৰিচালনা কৰি আহিছে।
আনহাতে, সমান্তৰালভাৱে আৰু এটি চিন্তাৰ সমদল সমাজলৈ আহিছে প্ৰবল বেগে। সেয়া হ’ল বস্তুবাদৰ দৰ্শন। ব্যৱহাৰিক সত্যক স্বীকাৰ কৰি বৈজ্ঞানিক উপায়ে সমাজ পৰিৱৰ্তন কৰাৰ প্ৰয়োজনতেই বস্তুবাদৰ উৎপত্তি। ৰাইজে কোনটো গ্ৰহণ কৰিব? নে দুয়োটাকে মিলাব? তেল আৰু পানী একে হয় জানো? চিন্তাৰ বিষয়। ইতিহাসত দেখিছো, ভাবভাদ প্ৰতিক্ৰিয়াশীল অৱসৰভোগীৰসকলহে উপযুক্ত দৰ্শন, যিহেৰে তেওঁলোকে বিপ্লৱীসকলৰ দৰ্শন-যাৰ মাজেৰে তেওঁলোকে সকলো হেঙাৰ অতিক্ৰম কৰি সমাজৰ শৃংখল আনিবলৈ বিচাৰে। ৰাইজে কোনটো ল’ব। ব’হাগেই ভবাৰ সময়।
মনত পৰে
পেটৰ পোৰণিত গাঁওমুখী খেতিয়ক যেতিয়া মানুহৰূপী গোনা ম’হৰ শিঙা-শিঙিত অতিষ্ঠ হৈ নিজৰ পথাৰ এৰি নগৰৰ কয়লাৰ ধোঁৱা আৰু ছাইৰ হিচ হিচ গিৰগিৰণিত হেৰাই যাব খোজে, তেতিয়া মনত পৰে বিশষকৈ ব’হাগত-কপৌ ফুলৰ কথা-ঔটেঙা ঢেকীয়াৰ কথা, নিজৰ বলধহালৰ কথা, তিলপিঠা, চিৰা সান্দহ,
ঘিলাপিঠাৰ কথা, পেঁপাৰ তিলৰ কথা, গগনাৰ গুং গুং গাং গাঙৰ কথা, মঘাই ওজাৰ দৰে ঢোলৰ যাদুকৰসকলৰ কথা, লেনিয়াই গোৱা বিহু গীতৰ কথা, কণী যুঁজৰ কথা, কমোৱা তুলাৰ কথা, নিশা দলে দলে হুঁচৰি গাই গৃহস্থক আশীৰ্বাদ দিয়াৰ কথা, পদূলিত এৰি অহা যুৰীয়া নাহৰৰ কথা, বিহুৱানৰ কথা।
এই মনত পৰা কথাখিনিকে নগৰত বিহুতলী পাতি পাতি তাকে এতিয়াৰ অসমীয়াই বছৰেকৰ মূৰত এদিন বা দুদিন বা তিনিদন চাবলৈ বিচাৰে। ইয়াৰ উপকাৰিতা নোহোৱা নহয়। মাথোঁ চাব লাগিব বিহুৱা জীৱনটোৰ যাতে সঁচা ছবিকহে এই নগৰীয়া বিহুতলিসমূহত সন্মান কৰা হয়। অসমৰ স’তে নিশ্চয় কৃষ্টিৰ প্ৰকাশৰো পৰিৱৰ্তন আহিবই বিষয়বস্তু সলনি হ’ব-প্ৰকাশভংগী সলনি হ’ব-কিন্তু সেই বুলি আমি সোণ বুলি কাঁচক যেন সন্মান নকৰোঁ। ভেটিটোক যেন অপমান নকৰোঁ।
মাজে মাজে হয়তো ঘৰতে আলহী হোৱা সৰল অসমীয়া ৰাইজৰ মনে মনে এটা ভাব হয়-কিয় এই বালিঘৰ নিৰ্মাণ কৰি আছোঁ। কাৰণ আছে। অনাগত দিনৰ ৰঙা ৰঙা আশাৰ বাবে আমি বালিঘৰ নিৰ্মাণ কৰোঁ। মোৰ এটি গীতেৰেই আপোনাৰ কথাকে কওঁ-
‘ঘৰ ঘৰ বুলি-খাওঁ হাবাথুৰি
আঁচনি কম্পমান
তথাপিও কিয় কৰি আছোঁ মই
বালিঘৰ নিৰ্মাণ?
শূন্য শূন্য এই জীৱন
নাই স্নেহ নাই মান
তথাপি কিয় জীয়াই থকাৰ
সদা শুনো আহ্বান?
নিৰাশ সাগৰ, মৌন আকাশ
তৰংগত নিষ্প্ৰাণ
তথাপি যেন দিগন্তত শুনো
নতুনৰ কলতান
অনন্ত মৰু তপ্ত চিন্তা
মৰীচিকা থানবান
তথাপি তাতেই দেখিছোঁ ৰিণিকি
জীৱন জ্যোতিষ্মান
সেয়েহে কিজানি
সেয়েহে কিজানি
কৰি আছোঁ মই
বালিঘৰ নিৰ্মাণ?
জীৱন জ্যোতিষ্মান হয় আমাৰ সন্মুখত।
এই বালিঘৰ এদিন সঁচা ঘৰ হ’ব-এই বালিঘৰ পকীঘৰ নহ’লেও মাটিৰ হ’ব-আমাৰ গাঁৱৰ মাটিখিনিক আমি শ্ৰম কৰি সজালে-পৰালে আমাৰ গাঁৱতে আমাৰ মানুহ থাকিব-সদায় নগৰমুখী হ’ব নালাগে। ব’হাগ তেতিয়া গাঁৱতে থাকিব-নগৰলৈ ভাত বিচাৰি অহা নগৰীয়াখিনিয়েও আমাৰ গাঁৱৰ বিহুৱা মনটোক সন্মান কৰিব।
ড০ লীলা গগৈৰ কবিতাৰ এটা অংশত আছে
‘সাত ভায়ে ভাগ কৰা, এচমকা মাটি
জেউৰা হেঙেৰা নাই, উদঙীয়া বাৰী।
নামঘৰ ভাগ হ’ল, গাঁওখন হ’ল থানবান
ভাওনা সবাহ নাই,
খেলে খেলে নাই মাত বোল
সমাজৰ মুঠ ভাঙি
সদৌটি গাইগোটা হ’ল-
আমাৰ গাঁৱৰ এই ছবি পুনৰ মেৰামতি কৰি ল’ব লাগিব বৈজ্ঞানিক তথ্যৰে, আপোন শ্ৰমেৰে। খেলে খেলে মাত-বোল কৰাব লাগিব। মুঠ ভাঙি যোৱা সমাজৰ গাইগোটা ভাব মষিমূৰ কৰিব লাগিব, তেতিয়াহে গাঁৱৰ বিহুতলী পুনৰ ৰজনজনাই উঠিব-বিহুসমূহৰ বিহু একতাৰ-বিহু ইজনে-সিজনক সমানভাৱে সন্মান কৰাৰ উৎসৱ। এই নদৃষ্টি, ন-আঁচনিৰ কথা এই ব’হাগতে অসমৰ ৰাইজে ভাবক।
Leave A Comment