ডিজিটেল ডেস্কঃ এটা সময় আছিল ঠিক পহিলা ডিচেম্বৰ মাহৰ পৰাই জানমণি, জোনবাই, অঞ্জনা, মপবগীতৰা, মইনাজান, কেৰুমণি, ৰাংঢালী, আইমণি, মৰমজান, মইনা চৰাই মইনা মাত, সৰুভনী আদিয়ে ৰজনজনাই অসমৰ আকাশ বতাহ মুখৰিত কৰিছিল।
অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহু আৰু ভোগালী বিহুৰ এই গীতবোৰৰ মাদকতাই প্ৰতিজন অসমীয়াৰ মন-প্ৰাণ এক অজান পুলকেৰে পুলকিত কৰি তুলিছিল। কেছেট দোকানবোৰত ভিৰ কৰিছিল বিহুগীত প্ৰেমীয়ে। উছাহে পাৰ ভাঙি পৰিছিল জানুৱাৰী মাহত। ইংৰাজী নতুন বছৰক আদৰাৰ লগতে আপোনজনৰ সৈতে লগেভাগে এসাঁজ বনভোজ খোৱাৰ আনন্দ ভগাই লৈছিল বিহুগীতৰ লগত।
কিন্তু আজি কেইটামান বছৰৰ পৰা যেন মানুহৰ মনত আগৰ সেই পাৰভঙা উছাহ নাই। মনবোৰ সেমেকা। নাই আগৰ বিহুগীত বোৰৰ মাদকতা। আগৰ সেই প্ৰিয় গীতবোৰ শুনিবলৈ গাঁৱৰ পৰা চহৰৰ কেছেট দোকানত কেছেট কিনিবলৈ যোৱাৰ কথা সুঁৱৰি তথা সেই মন ৰাইজাই কৰা দিনবোৰৰ কথা মনত পেলাই বহু মানুহেই কাঢ়ে হুমুনিয়াহ।
এই বিলুপ্ত হৈ পৰা অডিঅ’ কেচেট এতিয়াও সযত্নে সংৰক্ষণ কৰি ৰাখিছে বোকাখাতৰ এজনে ব্যক্তিয়ে। লোকজন বোকাখাতৰ বাদ্যযন্ত্ৰী দীপাংকৰ শৰ্মা। শৰ্মাই এতিয়াও সযত্নে ৰাখি থৈছে পুৰণিক সোঁৱৰি সেই হেৰুৱা দিনৰ স্মৃতি।
জুবিনৰ অনামিকাৰ পৰা আৰম্ভ কৰি শ শ বিভিন্ন কেছেট সংগ্ৰহ কৰি ৰাখিছে দীপাংকৰ শৰ্মাই। সেই সময়ৰ হিট গীতৰ কেছেট বোৰ আজিও সযত্নে ৰাখিছে ব্যক্তিগৰাকীয়ে। সোণালী দিনৰ মধুৰ স্মৃতি সুঁৱৰি নষ্টালজিক হৈ দীপাংকৰ শৰ্মা। তেওঁৰ এই সংৰক্ষণৰ প্ৰতি জনসাধাৰণৰো আছে অপৰিসীম আগ্ৰহ।
Leave A Comment