ডিজিটেল ডেস্ক: ৰাজ্যখনত ধাৰাবাহিক ভাৱে মহিলাৰ বিৰুদ্ধে অপৰাধ, অত্যাচাৰ, বলাৎকাৰ আদিৰ ঘটনাই চৰম পৰ্যায় পাইছে। শেহতীয়াকৈ বোকাখাতৰ নাহৰজান চাহ বাগিচাত সংঘটিত হোৱা ঘটনাই পুনৰ জোকাৰি গৈছে ৰাজ্য৷
বোকাখাতৰ নাহৰজান চাহ বাগিচাত সংঘটিত বলাৎকাৰৰ ঘটনাৰ অভিযুক্তক দৃষ্টান্তমূলক শাস্তিৰ দাবী জনাই আম আদমী পাৰ্টিৰ ৰাজ্যিক সাধাৰণ সম্পাদক পুনম গগৈয়ে। আজি গণেশগুৰিস্থিত আপৰ ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেলত আপৰ নেত্ৰীগৰাকীয়ে কয় গোলাঘাট জিলাৰ অন্তৰ্গত নাহৰজান চাহ বাগিচাত এগৰাকী কিশোৰীক ৫৫ বছৰ বয়সৰ এটা লম্পটে ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছিল। মনোজ নাইক নামৰ বলাৎকাৰীটোক স্থানীয় লোকে উত্তম মাধ্যম শোধাই আৰক্ষীৰ হাতত গতাই দিয়াৰ পিছতো আৰক্ষীৰ ভূমিকাক লৈ আশ্বস্ত হোৱা নাই স্থানীয় লোক। এই ঘটনাৰ নিৰপেক্ষ তদন্তৰ লগতে অভিযুক্তৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণৰ দাবী জনায়।
আপৰ সাধাৰণ সম্পাদক পুনম গগৈয়ে ৰাজ্যখনত মহিলাৰ সুৰক্ষা প্ৰদানৰ ক্ষেত্ৰত বৰ্তমান চৰকাৰৰ ব্যৰ্থতাৰো সমালোচনা কৰে। সংবাদমেলত তেওঁৰ অভিযোগ, বিগত কেইবামাহ ধৰি অসমত সঘনে নাৰী নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছে। চলিত বছৰতে ৰাজ্যখনত ৭ শতাধিক নাৰী নিৰ্যাতন আৰু বলাৎকাৰৰ ঘটনা সংঘটিত হৈছে। এনে বৰ্ধিত অপৰাধমূলক ঘটনা অসমৰ সমাজ জীৱনৰ বাবে অতি চিন্তনীয় বিষয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰৰ গৃহ বিভাগ তথা প্ৰশাসনৰ দুৰ্বলতাৰ সুযোগ লৈ এনেধৰণৰ ঘটনা বৃদ্ধি পাইছে।পূৰ্বে সংঘটিত ধৰ্ষণ, নিৰ্যাতনৰ বিৰুদ্ধে প্ৰশাসনে ক্ষিপ্ৰতাৰে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ নকৰাৰ বাবেই এনেধৰণৰ অবাঞ্চিত ঘটনাবোৰ ব্যাপক হাৰত বৃদ্ধি পাইছে।
আজি গুৱাহাটীৰ গণেশগুৰিস্থিত আম আদমী পাৰ্টিৰ কাৰ্যালয়ত দলৰ সাধাৰণ সম্পাদক পুনম গগৈয়ে ৰাজ্যত সংঘটিত মহিলাৰ বিৰুদ্ধে অপৰাধ সন্দৰ্ভত এইদৰে মত ব্যক্ত কৰে। বলাৎকাৰৰ বিৰুদ্ধে ফাষ্টট্ৰেক আদালতৰ জৰিয়তে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাই আপৰ নেত্ৰী গৰাকীয়ে কয়, এটা সমীক্ষা অনুসৰি অসমত দৈনিক কমেও ৩ টাকৈ বলাৎকাৰৰ ঘটনা সংঘটিত হয়। ৰাজ্যৰ চুকে কোণে প্ৰায় প্ৰতিদিনে এটাৰ পিছত আনটো বলাৎকাৰৰ ঘটনা সংঘটিত হৈছে।
বিটিআৰৰ কোকৰাঝাৰত এগৰাকী যুৱতীক দলবদ্ধ ধৰ্ষণৰ পিছত যুৱতী গৰাকীৰ সহোদৰক নৃশংসভাৱে হত্যা কৰাৰ দৰে জঘন্য ঘটনাও সংঘটিত হৈছিল। বলাৎকাৰৰ অভিযুক্ত সকলৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ তথা ৰাজ্যৰ প্ৰশাসন কঠোৰ নোহোৱাৰ বাবেই বাৰম্বাৰ এনে ঘটনা সংঘটিত হ'বলৈ পাইছে।
যি সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বেটী বাচাওঁ, বেটী পঢ়াওঁ শ্লোগান দিছে সেই সময়তে অসমত বলাৎকাৰৰ বলি হোৱা মহিলা বা যুৱতী সকলে ন্যায় লাভৰ পৰাও বঞ্চিত হৈছে। আমি আম আদমী পাৰ্টিয়ে পঞ্জীয়নভূক্ত ধৰ্ষণৰ গোচৰ সমূহ ফাষ্টট্ৰেক আদালতৰ জৰিয়তে ক্ষিপ্ৰতাৰে বিচাৰ প্ৰক্ৰিয়া সম্পন্ন কৰি দোষীক কঠোৰতম শাস্তি দিবলৈ দাবী জনায়।
Leave A Comment