ডিজিটেল ডেস্কঃ ৰামধেনু যুগৰ প্ৰখ্যাত গল্পকাৰ তথা ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া প্ৰয়াত মিহিৰকান্ত বৰুৱাৰ ৰচনাৰাজি একত্ৰিত কৰি প্ৰকাশ কৰা 'মিহিৰকান্ত বৰুৱা ৰচনা সম্ভাৰ'খন দেওবাৰে কটন এলামনাই ভৱনত উন্মোচন কৰা হয়।
প্ৰয়াত সাংবাদিক নীলাক্ষি বৰুৱা শইকীয়াৰ পবিত্ৰ স্মৃতিত প্ৰতিষ্ঠিত নীলাক্ষি বৰুৱা শইকীয়া স্মাৰক নিধি'ৰ দ্বাৰা প্ৰকাশিত এই সপ্তম গ্ৰন্থখন উন্মোচন কৰে সুলেখক গৌতম প্ৰসাদ বৰুৱাই। উন্মোচনী ভাষণ প্ৰদান কৰি বৰুৱাই ব্যতিক্ৰমী আই পি এছ বিষয়া মিহিৰকান্ত বৰুৱাৰ ব্যক্তিত্ব আৰু কৃতিত্বৰ সুমধুৰ স্মৰণ কৰে। সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি প্ৰখ্যাত লেখক হৰেকৃষ্ণ ডেকাই সাম্প্ৰতিক পৰিৱেশত মিহিৰকান্ত বৰুৱাৰ চিন্তা আৰু চেতনাৰ প্ৰাসংগিকতা সন্দৰ্ভত সাৰুৱা ভাষণ দিয়ে। ৰামধেনু যুগৰে সুলেখকগৰাকীৰ জীৱন, চিন্তন আৰু সাহিত্যৰ শৈলীক কেন্দ্ৰ কৰি প্ৰাঞ্জল ভাষাত ভাষণ কৰে লেখক-সমালোচক প্ৰভাত বৰাই। মিহিৰকান্ত বৰুৱাৰ কনিষ্ঠ জীয়াৰী নীলাক্ষি বৰুৱা শইকীয়াৰ স্মৃতিতে গঠিত ন্যাসৰ দ্বাৰা প্ৰকাশিত ৩৯৪ পৃষ্ঠাৰ এই ৰচনা সম্ভাৰখনি সম্পাদনা কৰিছে ড০ বিপুলজ্যোতি শইকীয়াই আৰু সম্পাদনা সহযোগী বিকাশজ্যোতি বৰুৱা। বহু গণ্যমান্য ব্যক্তিৰ উপস্থিতিত আড়ম্বৰপূৰ্ণ পৰিৱেশত অনুষ্ঠিত সভাখনত মিহিৰকান্ত বৰুৱাৰ কনিষ্ঠ ভাতৃ বিশ্বদীপ বৰুৱা আৰু সম্পাদনা সহযোগী বিকাশজ্যোতি বৰুৱায়ো চমু বক্তৃতা দিয়ে। ন্যাসৰ হৈ ড০ বিপুল কুমাৰ শইকীয়াৰ আদৰণী ভাষণেৰে আৰম্ভ হোৱা সভাখনৰ শেষত অন্যতম ন্যাসৰক্ষী ধীৰেন্দ্ৰ নাথ শইকীয়াই সকলোকে শলাগৰ শৰাই আগবঢ়ায়। সভাখনৰ আঁত ধৰে ইন্দ্ৰজিৎ দাসে।
Leave A Comment