• বিএছএফ জোৱানৰ শাৰীৰিক-মানসিক নিৰ্যাতনৰ বলি হ'ল কিশোৰ

    আঞ্চলিক
    বিএছএফ জোৱানৰ শাৰীৰিক-মানসিক নিৰ্যাতনৰ বলি হ'ল কিশোৰ
    ডিজিটেল ডেস্ক : এগৰাকী কিশোৰক শাৰীৰিক, মানসিক নিৰ্যাতন চলোৱৰ অভিযোগ উত্থাপন হৈছে এজন বিএছএফ জোৱানৰ বিৰুদ্ধে৷ কেৱল মানসিকভাৱে হাৰাশাস্তি কৰাই নহয় কিশোৰগৰাকীৰ পৰা ২,১০,০০০  টকা জাল নোট উদ্ধাৰ হোৱা বুলি বিভিন্ন সামাজিক মাধ্যমত প্ৰচাৰ চলোৱাৰো অভিযোগ উঠিছে বিএছএফ জোৱানজনৰ বিৰুদ্ধে।

    এটা অচিনাকী নম্বৰৰ পৰা ই-ৰিক্সা ভাৰাত বিচাৰি কিশোৰটিৰ পিতৃ আবুল সেকলৈ আহিছিল ফোনকল। আবুল সেক ঘৰত নথকাত কিশোৰ পুত্ৰ ছাহিল আহমেদক ই-ৰিক্সা লৈ এক নিৰ্দিষ্ট স্থানত কিশোৰটি উপস্থিত হোৱাত অচিনাক্ত লোকজনে কিছু সামগ্ৰী উঠাই দি ভাৰত-বাংলা সীমান্তৰ ঘিউমাৰিলৈ যাবলৈ নিৰ্দেশ দিয়ে।

    কিশোৰজন ঘিউমাৰি গৈ থকা অৱস্থাত BSF 19 নং বেটিলিয়ানৰ জোৱানে ছাহিলক গাড়ীত উঠাই লৈ গৈ মানসিক, শাৰীৰিক অত্যাচাৰ চলাই ধুবুৰী সদৰ থানাত গতাই দিয়াৰ অভিযোগ উঠিছে। কিশোৰটিক শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলোৱাৰ অভিযোগত ছাহিলৰ মাতৃয়ে ধুবুৰী সদৰ থানাত  281/22 নম্বৰৰ গোচৰ ৰুজু কৰে। এই গোচৰৰ ওপৰত ভিত্তি কৰি ধুবুৰী উপায়ুক্তই ন্যায়িক তদন্তৰ ঘোষণা কৰিছে। বিলাসীপাৰাৰ মহকুমাধিপতি জয় শিৱনীক ন্যায়িক তদন্তৰ দায়িত্ব দিয়া হৈছে। ১০ দিনৰ ভিতৰত তদন্তৰ প্ৰতিবেদন দাখিল কৰিবলৈও নিৰ্দেশ দিয়ে উপায়ুক্তগৰাকীয়ে।