ডিজিটেল ডেস্কঃ চোৰ আহিল বিলাসী গাড়ীত উঠি। চোৰৰ উদ্দেশ্য ছাগলী চুৰ কৰা। বৰপেটাৰোডত চাঞ্চল্যকৰ ঘটনা। দিনৰ পোহৰতেই বিলাসী বাহনেৰে ছাগলী চুৰি কৰি নিলে এজন চোৰে৷
চিচি টিভি কেমেৰাত বন্দী ছাগলী চুৰিৰ সমগ্ৰ দৃশ্য৷
বৰপেটাৰোডৰ ৰাজপথৰ পৰাই চোৰে বিলাসী বাহনেৰে ছাগলী চুৰি কৰি লৈ যায়।
চোৰে AS 01 EZ 6819 নম্বৰৰ এখন বিলাসী বাহন লৈ আহি ৰাজপথত বাহনখন ৰখাই ছাগলীক বিস্কুট খাবলৈ দিয়াৰ দৃশ্য বন্দী হৈছে চিচি টিভি কেমেৰাত ।
বিস্কুট খাবলৈ আহি ছাগলীটো গাড়ীৰ কাষ চপাত হঠাতে চোৰটোৱে থাপ মাৰি ছাগলীটোক ধৰি বাহনৰ ভিতৰত ভৰায় আৰু বাহনখনৰ দৰ্জা বন্ধ কৰি লগেলগে উধাও হয়৷
এটা বগা ছাগলী চুৰি কৰি নিয়ে চোৰটোৱে।
বৰপেটাৰোডৰ ১০ নম্বৰ ৱাৰ্ডৰ ৰাজপথৰ পৰা চোৰে ছাগলী চুৰি কৰি নিয়া কাৰ্যই চহৰখনৰ ৰাইজৰ মাজত চাঞ্চল্যৰ সৃষ্টি কৰিছে।
চোৰটোৰ নাম-ঠিকনা জানিবলৈ আৰক্ষীৰ তদন্ত আৰম্ভ।
Leave A Comment