ডিজিটেল ডেস্কঃ মৃত্যুৰ খবৰ সদায়ে বেদনাদায়ক কিন্তু তাতে যদি সেয়া অকাল মৃত্যু হয় তেন্তে সেয়া অধিক অসহনীয় হৈ পৰে।
মহানগৰীৰ চন্দ্ৰপুৰত ঘটিছে এক কৰুণ ঘটনা।
বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুক সাবটিলে ১৫ বছৰীয়া এজন কিশোৰে। জীৱনটো ভালকৈ ফুলি উঠিবলৈ নৌ পাওঁতেই গল মৰহি।
মৃত্যু হোৱা কিশোৰগৰাকীৰ নাম সাধু কৰ্মকাৰ। ঘৰ চন্দ্ৰপুৰ ৰাজগড়ত।
গছ কাটিবলৈ গৈ বিদ্যুৎস্পৃষ্ট হয় সাধু কৰ্মকাৰ, ফলত কৰুণ মৃত্যুক সাবটিলে কিশোৰগৰাকীয়ে।
উল্লেখ্য যে বিদ্যুৎস্পৃষ্ট হোৱাৰ লগেলগে কিশোৰগৰাকীক স্থানীয় লোকে ততাতৈয়াকৈ GMCH লৈ যায় যদিও নিয়তিৰ ওচৰত হাৰ মানিলে।
চিকিৎসা চলি থকাৰ সময়তে হাস্পতালত মৃত্যু হয় কিশোৰ সাধু কৰ্মকাৰৰ।
এই ঘটনাই অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ পেলাইছে।
Leave A Comment