• বৰষুণে ধুই গৈছে চেৰাপুঞ্জী: ১৯৯৫ চনৰ পিছত সৰ্বাধিক বৰষুণৰ ৰেকৰ্ড

    আঞ্চলিক
    বৰষুণে ধুই গৈছে চেৰাপুঞ্জী: ১৯৯৫ চনৰ পিছত সৰ্বাধিক বৰষুণৰ ৰেকৰ্ড
    ডিজিটেল ডেস্ক: দক্ষিণ-পশ্চিম মৌচুমী বতাহৰ আগতীয়া আগমনে বাৰুকৈয়ে বিধ্বস্ত কৰিছে উত্তৰ-পূব ভাৰতক। কেইবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণে ব্যাহত কৰিছে সমগ্ৰ অঞ্চলটোৰ জনজীৱন। অধিক মাত্ৰাত হৈ থকা বৰষুণৰ ফলত অসমকে ধৰি উত্তৰ-পূবৰ কেইবাখনো ৰাজ্যত বান আৰু ভূমিস্খলনে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। বিশ্বৰ ভিতৰতে আটাইতকৈ বেছি বৰষুণ হোৱা ঠাইসমূহৰ ভিতৰত অন্যতম চেৰাপুঞ্জীত বৰষুষণৰ মাত্ৰাই ভংগ কৰিছে দীৰ্ঘদিনীয়া ৰেকৰ্ড। চেৰাপুঞ্জীত শুক্ৰবাৰে পুৱা ৮.৩০ বজালৈকে ২৪ ঘণ্টাত ৯৭২ মিলিমিটাৰ বৰষুণ হোৱা বুলি তথ্য প্ৰকাশ কৰিছে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে। এইদৰে ১৯৯৫ চনৰ জুন মাহৰ পিছত এদিনত সৰ্বাধিক বৰষুণৰ সীমা অতিক্ৰম কৰে ১৭ জুনৰ দিনটোত।        

    বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি চলিত মাহটোত চেৰাপুঞ্জীত এটা দিনৰ বৰষুণৰ হাৰে ৯ দিনকৈ ৮০০ মিমি- ৰ সীমা অতিক্ৰম কৰিছে। বুধবাৰে অঞ্চলটোত ৮১১.৬ মিমি বৰষুণৰ হাৰ নথিভুক্ত কৰিছিল বতৰ বিজ্ঞান বিভাগে। শুকুৰবাৰৰ তথ্যৰ পূৰ্বলৈকে চেৰাপুঞ্জীত এই মাহত মুঠ ৪০৮১.৩ মিমি বৰষুণ হৈছে বুলি গুৱাহাটীস্থিত বতৰ বিজ্ঞান বিভাগৰ আঞ্চলিক কেন্দ্ৰৰ বিজ্ঞানী সুনীত দাসে সদৰি কৰিছে। 

    উল্লেখ্য যে ১৯৯৫ চনৰ ১৬ জুনত চেৰাপুঞ্জীত ১৫৬৩.৩ মিমি বৰষুণৰ তথ্য নথিভুক্ত হৈছিল। শেহতীয়াকৈ চেৰাপুঞ্জীত বৃহস্পতিবাৰে ৬৭৩.৬ মিমি, বুধবাৰে ৮১১.৬ মিমি, মঙলবাৰে ৬২.৬ মিমি, সোমবাৰে ২৯৩ মিমি আৰু দেওবাৰে ৩৫৪ মিমি বৰষুণ হৈছে বুলি বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিছে।

    বতৰ বিজ্ঞান বিভাগে জানিবলৈ দিয়া অনুসৰি অঞ্চলটোত অহা দুদিন ধৰি অত্যধিক বৰষুণ অব্যাহত থকাৰ সম্ভাৱনা আছে। ইফালে চেৰাপুঞ্জীৰ পৰা ১০ কিলোমিটাৰ দূৰত্বত অৱস্থিত ভাৰতৰ আটাইতকৈ বৰষুণ হোৱা ঠাই মৌচিনৰামতো ধাৰাবাহিকভাৱে বৰষুণ হৈ আছে।  শুকুৰবাৰে পুৱা ৮:৩০ বজালৈকে ২৪ ঘণ্টাত ঠাইখনত ১০০৩.৬ মিমি বৰষুণ হৈছিল। এই পৰিমাণ ১৯৪০ চনৰ জুনৰ পিছত সৰ্বাধিক বুলি বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিছে। 

    বতৰ বিজ্ঞান বিভাগৰ আঞ্চলিক কেন্দ্ৰৰ বিজ্ঞানী সুনীত দাসে প্ৰকাশ কৰা মতে মৌচিনৰামত ১৯৭৪-২০২২ চনৰ ভিতৰত বাৰ্ষিক গড় বৰষুণ হৈছে ১১৮০২.৪ মিমি। সেইদৰে  চেৰাপুঞ্জীত ১৯৭১-২০২০ চনৰ ভিতৰত বাৰ্ষিক গড় বৰষুণ হৈছে ১১৩৫৯.৪ মিমি।

    সামগ্ৰিকভাৱে, উত্তৰ-পূব আৰু পূব ভাৰতত চলিত মাহত ২২.৩ মিমি বৰষুণ হৈছে। এই পৰিমাণ স্বাভাৱিক বৰষুণতকৈ ৩৯ শতাংশ অধিক।  মেঘালয়ত ১ জুনৰ পৰা ৮৬৫.৭ মিমি বৰষুণ হৈছে।  সেইদৰে অৰুণাচল প্ৰদেশত ২৫৩.১ মিমি বৰষুণ হৈছে। আনহাতে অসমত চলিত মাহত ৩৭২.৯ মিমি বৰষুণ হৈছে। এই পৰিমাণ স্বাভাৱিক বৰষুণতকৈ ৭৯ শতাংশতকৈও অধিক।