ডিজিটেল ডেস্কঃ জন্মধাত্ৰী পিতৃ-মাতৃয়ে কিমান নিষ্ঠুৰ হ'লে এগৰাকী কন্যাশিশুৱে অস্পৃশ্যতাৰ বলী হ'ব লগা হয়। কিমান নিৰ্দয় হ'লে পিতৃয়ে মদ্যপান কৰি কন্যা শিশু বুলিয়ে এলাগী ভাৱে সৰুতেই সন্মতিবিহীন বনকৰা ছোৱালী হ'বলৈ নিৰ্দ্দেশ দিব পাৰি সমাজত ?
সমাজত এই চৰ্চা লাভ কৰা সময়তে আজি অৰ্থাৎ বুধবাৰে ধেমাজিত পুৱাই পথাৰৰ মাজত নিয়ৰত জুৱলি হৈ পৰা এটি ৯ বছৰীয়া শিশুক উদ্ধাৰ কৰে এগৰাকী হৃদয়ৱান লোকে। ঘটনাৰ বিৱৰণীৰ মতে, ধেমাজি সদৰ থানাৰ অন্তৰ্গত কিছু নিলগতে ধেমাজি কাড়ি চুক মিৰি পথাৰত পুৱাই এগৰাকী লোকে প্ৰত্যক্ষ কৰে নাৱলিকা কন্যা শিশুক। ঢল পুৱাতে পথাৰত কন্যা শিশুগৰাকীক দেখি প্ৰশ্ন উদয় হয় প্ৰত্যক্ষ লোক জনৰ।
শিশুটিৰ মুখ মণ্ডল আৰু শাৰীৰিক অৱস্থালৈ চায় থমকি ৰয় লোকজন। শেষত, প্ৰত্যক্ষদৰ্শী লোকজনে ঘৰৰ মানুহক অৱগত কৰি পুনৰ শিশুটিৰ ওচৰলৈ যোৱাত শিশুটিয়ে ধেমাজি পেগু বজাৰৰ ওচৰত থকা ভাইটি পেগুৰ ঘৰৰ পৰা পলাই আহি সেই স্থান পোৱা বুলি কাতৰ অভিযোগ কৰে। মালিকৰূপী পেগুৰ ঘৰৰ শাৰীৰিক-মানসিক নিৰ্যাতন সহিব নোৱাৰি আজি পুৱাতে চেগ বুজি পলাই অহা বুলি জানিবলৈ দিয়ে শিশুটিয়ে। শিশুটিৰ ঘৰ চিলাপথাৰ কেন্দু গুৰিৰ। পিতৃ-মাতৃয়ে কেই টকা মানৰ বিনময়ত মালিকৰ হাতত গতাই দিয়া বুলি উল্লেখ কৰে নাৱালিকাগৰাকীয়ে।
সমান্তৰালকৈ শিশু সুৰক্ষা সমিতিৰ সৈতে যোগাযোগ কৰে লোকজনে। তাৰ পিছতে এই খবৰে অঞ্চলটোত বিয়পি পৰাৰ লগে লগে আটাছুৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি মনোজ গগৈৰ নেতৃত্বত ঘটনাটোৰ বিৱৰনী গ্ৰহণ কৰি নিৰ্যাতন কাৰীৰ বিৰুদ্ধে এজাহাৰ প্ৰদান কৰে।
উল্লেখ্য যে, সমাজত আকৌ শিশু নিৰ্যাতনৰ বলী এগৰাকী কন্যা শিশুৰ। পিতৃ-মাতৃৰ কন্যা শিশুৰ প্ৰতি বৈষম্য আৰু মালিকৰ অকথ্য নিৰ্যাতন সহ্য কৰিব নোৱাৰি নিজা সিদ্ধান্তৰে পলায়ন কৰিছিল মালিকৰ ঘৰৰ পৰা। দুটা সপ্তাহ বন কৰা ছোৱালী হিচাপে থকাৰ পিছত চেগ বুজি বুধবাৰে পলাই আহিছিল শিশু গৰাকীয়ে।
আনহাতে আটাছুৰ এজাহাৰত জানিবলৈ দিয়া মতে, ধেমাজি নগৰৰ পেণ্ড বজাৰৰ সমীপৰ এগৰাকী সম্ভ্রান্ত ব্যক্তিৰ ঘৰত বনকৰা ছোৱালী ৰূপে কৰ্মৰত হৈ আছিল শিশুটি। ঘৰৰ মালিকে মাৰধৰ কৰা হেতু বুধবাৰে চেগ বুজি পলাই আহি ২ নং বাৰ্ডৰ মিৰি পথাৰত উপস্থিত হয় শিশুটি। সেই সময়ত এজন হৃদয়বান লোকে ছোৱালীজনী উদ্ধাৰ কৰি এক অভাবনীয় ঘটনা সংঘটিত হোৱাৰ পৰা কণমানিজনীক ৰক্ষা কৰে।
এজাহাৰৰ মতে, ভাইটি পেণ্ড নামৰ এজন ব্যক্তিৰ ঘৰত কণমানিজনীক বলপূৰ্বকভাৱে বন্দী কৰি ৰখাৰ লগতে পৰিয়ালৰ সকলোৱে মাৰধৰ কৰা বুলি অভিযোগ উত্থাপন কৰে । এইক্ষেত্ৰত শিশু সুৰক্ষা আইনৰ শিশু অধিকাৰ খৰ্ব কৰা হেতু JJ আইন. ২০১৫, শিশু শাৰীৰিক আৰু মানসিক কষ্ট দিয়াৰ হেতু Pocso আইন.২০১২, শিশু শ্রমিক হিচাপে ৰখাৰ হেতু CPCR আইন. ২০০৫ ৰ জৰিয়তে উচিত তদন্ত কৰি দোষীক কঠোৰতকৈ কঠোৰতম শাস্তি প্রদান কৰিবলৈ দাবী জনাইছে আটাছুৱে। বৰ্তমান শিশু সুৰক্ষা সমিতিয়ে ধেমাজি আৰক্ষী প্ৰশাসনৰ ওচৰত সহায় বিচাৰি ঘটনাটো তদন্ত অব্যাহত ৰাখিছে।
Leave A Comment