• ৩ বছৰত ৰাজ্যত ৮১ শতাংশ হ্রাস পালে বাল্য বিবাহ

    আঞ্চলিক
    ৩ বছৰত ৰাজ্যত ৮১ শতাংশ হ্রাস পালে বাল্য বিবাহ
    ডিজিটেল ডেস্কঃ বাল্য বিবাহ ৰোধৰ ক্ষেত্ৰত অসমে গ্ৰহণ কৰা পদক্ষেপ এতিয়া দেশৰ আন ৰাজ্যৰ বাবে অনুপ্ৰেৰণা হৈ পৰিছে। এই মন্তব্য মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ। নতুন দিল্লীত সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এন ডি এৰ শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী সম্মিলনত প্রধানমন্ত্রীয়ে আমাৰ এই অভিযানক প্রশংসা কৰে।

     উল্লেখযোগ্য যে উক্ত সম্মিলনতে মুখ্যমন্ত্রী ড° শৰ্মাই বাল্যবিবাহৰ বিৰুদ্ধে অসম চৰকাৰে আৰম্ভ কৰা অভিযানৰ বিশদ আভাস দাঙি ধৰে। ইতিমধ্যে প্রধানমন্ত্রীয়ে এন ডি এ শাসিত ৰাজ্যসমূহৰ বিষয়াসকলক অসমলৈ আহিবলৈ নির্দেশ দিয়া বুলিও জানিবলৈ দিছে মুখ্যমন্ত্রীয়ে। 

    ড° শর্মাই কয় যে, প্রধানমন্ত্রীয়ে এন ডি এ শাসিত আন ৰাজ্যসমূহক অসমৰ বাল্য বিবাহৰ সৈতে মোকাবিলা কৰা পন্থা অধ্যয়ন কৰি একেধৰণৰ কৌশল গ্রহণ কৰি নিজ নিজ ৰাজ্যত বাল্যবিবাহৰ বিৰুদ্ধে কাম কৰাৰ বাবে পৰামৰ্শ দিছে। এন ডি এৰ মুখ্যমন্ত্ৰী সন্মিলনত জল সংৰক্ষণ, শিক্ষা আৰু নাৰী সবলীকৰণকে ধৰি একাধিক বিষয় সামৰি লোৱাৰ সমান্তৰালভাৱে বাল্যবিবাহ হ্রাস কৰাৰ ক্ষেত্ৰত অসমৰ কৃতিত্ব আলোচনাৰ এক উল্লেখযোগ্য বিষয় হিচাপে পৰিগণিত হয়। 

    ইফালে, অসম চৰকাৰে বাল্যবিবাহৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ ফলত ২০২১-২২ৰ পৰা ২০২৩-২৪ৰ ভিতৰত ৩৫খন জিলাৰ ভিতৰত ২০খন জিলাত এনে গোচৰ ৮১ শতাংশ হ্রাস পাইছে। আনকি ২০২৬ চনৰ ভিতৰত অসমত বাল্যবিবাহ সম্পূৰ্ণৰূপে নির্মূল কৰাৰ লক্ষ্যও হাতত লৈছে ৰাজ্য চৰকাৰখনে।

    উৎসঃ দৈনিক জনমভূমি