ডিজিটেল ডেস্ক: চৰকাৰে বাল্য বিবাহৰ বিৰুদ্ধে অভিযান চলাই থকাৰ সময়তে এইবাৰ গুৱাহাটী মহানগৰীত পোহৰলৈ আহিছে বাল্য বিবাহৰ ঘটনা৷ ফটাশিল আৰক্ষীয়ে বিয়াঘৰৰ পৰা আটক কৰিছে দৰা-কইনাক৷ ফটাশীল থানাৰ সমীপৰ বিশাল বিবাহ ভৱনত সংঘটিত এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷
ঘটনা ক্ৰম অনুসৰি চৰকাৰৰ কঠোৰ নিৰ্দেশনাৰ পাছতো ফটাশিলৰ এটা বিবাহ ভৱনত চলি আছিল এগৰাকী নাবালিকাৰ বিয়াৰ ৰীতি-নীতি৷ বৃহস্পতিবাৰে বিয়া চলি থকাৰ মাজতেই দুয়োকে আৰক্ষীয়ে আটক কৰিছে বুলি জানিব পৰা গৈছে৷ আৰু নাবালিকা কইনাক বিয়া পাতি দিয়াৰ অপৰাধত অভিভাৱককো আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে৷
জানিব পৰামতে মনীষ গুপ্তা নামৰ এজন যুৱকজনৰ সৈতে এই নাবালিকাগৰাকীৰ বিয়াৰ হৈছিল৷ যুৱক জনৰ ঘৰ ধীৰেনপাৰাৰ ইটাভাতাত বুলি জানিব পৰা গৈছে৷ আৰু কিশোৰী গৰাকীৰ ঘৰ থানাৰ সমীপতে বুলি জানিব পৰা গৈছে৷ মনীষ গুপ্তাৰ পিতৃ দেৱনন্দ গুপ্তাকো গ্ৰেপ্তাৰ কৰা হৈছে৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত ০৯/২৫ত ফটাশীল থানাত গোচৰ ৰুজু কৰা হৈছে৷
সম্প্ৰতি দৰা মনীষ গুপ্তাক ফটাশীল আৰক্ষী থানাৰ লকআপত ৰখা হৈছে৷ আৰু কিশোৰী গৰাকীক শিশু কল্যাণ সমিতি আৰু জুভেনাইল জাষ্টিচ ব’ৰ্ডৰ অধীনত গঠন কৰা কিশোৰ ন্যায়ালয়লৈ পঠিওৱা হয়৷
Leave A Comment