ডিজিটেল ডেস্কঃ পৰকীয়া প্ৰেমৰ সম্পৰ্ক ৰক্ষা কৰাৰ স্বাৰ্থত এগৰাকী বিবাহিত লোকে অবৈধ প্ৰেমৰ সম্পৰ্ক থকা পৰস্ত্ৰীৰ সৈতে লগ লাগি নিজৰ পত্নীক গুৰুতৰভাৱে প্ৰহাৰ কৰি পথৰ ওপৰত পেলাই থৈ যোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ।
চিৰাং জিলাৰ বিজনীৰ আনন্দবাজাৰৰ ২ নং দাৰাংগা নিৱাসী চন্দন সৰকাৰ(২৮) নামৰ বিবাহিত লোকজনে দীৰ্ঘদিনৰে পৰা বঙাইগাঁও জিলাৰ পাতিলাদহা নিৱাসী অৰ্পিতা দে'(২২) নামৰ এগৰাকী বিবাহিতা মহিলাৰ সৈতে অবৈধ প্ৰণয়ৰ সম্পৰ্ক ৰক্ষা কৰি আহিছে।
চন্দন সৰকাৰে যোৱা ২৭ নৱেম্বৰত পত্নী নয়নমণি সৰকাৰ(২৬) আৰু দুবছৰীয়া সন্তানসহ এখন চাৰিচকীয়া বাহনেৰে হাউলীত চলি থকা ৰাসমেলা চাবলৈ বুলি ঘৰৰ পৰা ওলাই গৈছিল। হাউলীলৈ যোৱাৰ পথত পাতিলাদহাৰ পৰা অৰ্পিতা দে'কো একেখন বাহনেৰে তুলি লৈ যায় চন্দন সৰকাৰে।
কিন্তু লম্পট চন্দন-অৰ্পিতাই কৌশলেৰে বাহনখন বঙাইগাঁৱৰ চাপৰাকাটাৰ চাহবাগানলৈ লৈ যায়।
একমাত্ৰ পৰকীয়া প্ৰেম চিৰ যুগমীয়া কৰাৰ বাবেই লম্পট স্বামী চন্দন আৰু অবৈধ বিবাহিত প্ৰেমিকা অৰ্পিতাই নয়নমণি সৰকাৰক গাড়ীৰ ভিতৰত গুৰুতৰভাৱে প্ৰহাৰ কৰি অচেতন অৱস্থাত পথৰ ওপৰত পেলাই থৈ যায়।
পাছত চন্দন সৰকাৰে দুবছৰীয়া সন্তানসহ অবৈধ প্ৰেমিকা অৰ্পিতাক লগত লৈ উক্ত গাড়ীখনেৰে ঘটনাস্থলীৰ পৰা উধাও হয়।
বৃহস্পতিবাৰে পুৱা এগৰাকী লোকে প্ৰাতঃ ভ্ৰমণ কৰিবলৈ আহি মূৰ্মষ অৱস্থাত নয়নমণিক উদ্ধাৰ কৰি আনন্দবাজাৰৰ ২ নং দাৰাংগাৰ ঘৰলৈ লৈ আহে।
এই খবৰ লাভ কৰি নয়নমণি সৰকাৰৰ পিতৃগৃহৰ লোকে আহত নয়নমণিক বঙাইগাঁৱৰ এখন ব্যক্তিগত খণ্ডৰ হাস্পতাললৈ চিকিৎসাৰ বাবে লৈ যায়।
ঘটনা সন্দৰ্ভত নয়নমণিৰ পিতৃগৃহৰ লোকে শুকুৰবাৰে বিজনী থানাত এখন এজাহাৰ দাখিল কৰে।
সম্প্ৰতি লম্পট চন্দন- অৰ্পিতা পলাতক অৱস্থাত থকা বুলি নয়নমণিৰ পৰিয়ালৰ লোকে সংবাদ মাধ্যমৰ আগত সদৰী কৰে।
Leave A Comment