• বোকাজান, হাওৰাঘাট আৰু বৈঠালাংচুত আয়োজিত বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিলে মুখ্যমন্ত্ৰীয়ে,পূৰ্বৰ অশান্তজৰ্জৰ কাৰ্বি আংলঙত শান্তিৰ পৰিৱেশ বিৰাজ কৰিছে: মুখ্যমন্ত্ৰী

    আঞ্চলিক
    বোকাজান, হাওৰাঘাট আৰু বৈঠালাংচুত আয়োজিত বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিলে মুখ্যমন্ত্ৰীয়ে,পূৰ্বৰ অশান্তজৰ্জৰ কাৰ্বি আংলঙত শান্তিৰ পৰিৱেশ বিৰাজ কৰিছে: মুখ্যমন্ত্ৰী
    ডিজিটেল ডেস্কঃ ডিফু লোকসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন মিত্ৰজোঁটৰ প্ৰাৰ্থী অমৰছিং তিছক্সৰ সমৰ্থনত আজি বোকাজানত আয়োজিত বিশাল জনসভাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে৷ জনাকীৰ্ণ সভাত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে নৰেন্দ্ৰ মোদীক পুনৰবাৰ প্ৰধানমন্ত্ৰীৰ আসনত অধিষ্ঠিত কৰাৰ বাবে সকলোৱে অমৰছিং তিছক্সক জয়যুক্ত কৰিব লাগিব৷ তেওঁ কয় যে নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হক্সলে দিল্লী চৰকাৰৰ সহযোগিতাত অসম চৰকাৰৰ লগতে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে ৰাজ্যৰ লগতে জিলাখনতো উন্নয়নৰ যাত্ৰা অব্যাহত ৰাখিবলৈ সক্ষম হক্সব৷ তেওঁ কয় যে অসমত ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰ গঠন হোৱাৰ পিছত কাৰ্বি আংলং জিলাত অভূতপূৰ্ব উন্নয়ন সাধন হয়৷ বিধানসভা নিৰ্বাচনৰ সময়ত ৰ লাখ চৰকাৰী চাকৰি প্ৰদানৰ যি প্ৰতিশ্ৰুতি দিয়া হৈছিল সেয়া ইতিমধ্যে বাস্তৱায়িত হৈছে৷ তেওঁ কয় যে অসম চৰকাৰৰ চাকৰি পাবলৈ পূৰ্বে টকা দিব লাগিছিল বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বৰ্তমানৰ ৰাজ্য চৰকাৰৰ কাৰ্যকালত দুৰ্নীতি কমি আহিছে আৰু বিনা পইচাত এক লাখ চৰকাৰী চাকৰি পাবলৈ সমৰ্থ হৈছে৷

     ইয়াৰ ফলত দুখীয়া-মধ্যবিত্ত পৰিয়ালৰ যুৱক-যুৱতীয়ে চৰকাৰী চাকৰি পাবলৈ সক্ষম হৈছে৷ চলিত বছৰত আৰু ৫০ হাজাৰ চৰকাৰী চাকৰি প্ৰদানৰ ব্যৱস্থা কৰা হক্সব বুলিও তেওঁ কয়৷ অৰুণোদয়ৰ ধনৰাশিৰ পৰিমাণ ৮৩০ টকাৰ পৰা বৃদ্ধি হৈ ১২৫০ টকা হৈছে৷ পূজাৰ আগতে বোকাজান সমষ্টিৰ ৰেচন কাৰ্ড থকা সকলো পৰিয়ালক অৰুণোদয় আঁচনিৰে সামৰি লোৱা হক্সব বুলিও তেওঁ কয়৷ লাখপতি বাইদেউৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ইতিমধ্যে ৪০ লাখ মহিলাই লাখপতি বাইদেউৰ কাৰণে আৱেদন দাখিল কৰিছে আৰু লোকসভা নিৰ্বাচনৰ পিছতে ১০ হাজাৰ টকা আৰু পৰৱৰ্তী পৰ্যায়ত ২৫ হাজাৰ টকা তেওঁলোকৰ বেংক একাউণ্টৰ জৰিয়তে প্ৰদান কৰা হক্সব৷ অসমত ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰ হোৱাৰ পিছত পূৰ্বৰ অশান্তজৰ্জৰ কাৰ্বি আংলঙত শান্তিৰ পৰিৱেশ বিৰাজ কৰিছে বুলি মন্তব্য কৰি তেওঁ কয় যে কংগ্ৰেছ এতিয়া অচল টকা৷ গতিকে কংগ্ৰেছক ভোট দি একো লাভ নহক্সব৷ তেওঁ কয় যে বিজেপি মানে মোদীৰ পৰিয়াল৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সকলোৰে বাবে সমভাবে চিন্তা কৰে৷ মুখ্যমন্ত্ৰীয়ে ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে গ্ৰহণ কৰা বিভিন্ন আঁচনিৰ কথা উল্লেখ কৰে৷ বৰ্তমান কাৰ্বি আংলঙত যিমান উন্নয়নমূলক কাম হৈ আছে আন কোনো জিলাতে হোৱা নাই৷ ২০২৬ চনৰ আগতে এই উন্নয়নমূলক প্ৰকল্পসমূহ সম্পূৰ্ণ কৰা হক্সব বুলি তেওঁ কয়৷ ডিফু লোকসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন মিত্ৰজোঁটৰ প্ৰাৰ্থী অমৰছিং তিছক্সক অহা চ্ছ এপ্ৰিলত অনুষ্ঠিত হক্সবলগীয়া নিৰ্বাচনত ভোটপ্ৰদান কৰি নৰেন্দ্ৰ মোদীক আশীৰ্বাদ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে সকলোকে আহ৩ান জনায়৷


    আজিৰ সভাত অসম বিধান সভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিন, ডিফু লোকসভা সমষ্টিৰ সাংসদ হবেন সিং বেক্স, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, প্ৰাক্তন বিধায়ক ক্লেংদং ইংতি প্ৰমুখ্যে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য আৰু পাৰিষদবৰ্গৰ উপৰি ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন মিত্ৰজোঁটৰ কেইবাগৰাকীও বিষয়ববীয়া আৰু কৰ্মকৰ্তা উপস্থিত থাকে৷

    ইয়াৰ পিছতে মুখ্যমন্ত্ৰীয়ে হাওৰাঘাটত ডিফু লোকসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন মিত্ৰজোঁটৰ প্ৰাৰ্থী অমৰছিং তিছক্সৰ সমৰ্থনত আয়োজিত আন এক নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিগত ১০ বছৰীয়া কাৰ্যকালত বিদ্ৰোহী সংগঠনসমূহৰ সৈতে হোৱা শান্তি চুক্তি সমূহৰ ফলস্বৰূপে সমগ্ৰ অসমৰ লগতে কাৰ্বি আংলঙলৈও শান্তি নামি আহিছে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে জিলাখনত ৰূপায়ণ হোৱা বিভিন্ন উন্নয়নমূলক পদক্ষেপে কাৰ্বি আংলঙক এখন অন্যতম বিকশিত জিলাৰূপে পৰিগণিত হোৱাৰ দিশত দ্ৰুতগতিত আগুৱাই নিছে৷ এই পাহাৰীয়া অঞ্চলটোত যে এতিয়া শান্তিৰ এক সুস্থিৰ পৰিৱেশ বিৰাজ কৰিছে, সেয়া কালি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত কাৰ্বি আংলঙৰ পৰা ৮১ শতাংশ শিক্ষাৰ্থী উত্তীৰ্ণ হোৱাটোৱেই সূচাইছে বুলি তেওঁ কয়৷ প্ৰধানমন্ত্ৰীয়ে লৰিণথেপিলৈ আহি কাৰ্বি আংলঙৰ বিকাশৰ বাবে পশু চিকিৎসা মহাবিদ্যালয়, কৃষি মহাবিদ্যালয়, আইন মহাবিদ্যালয়, চৰকাৰী স্নাতক মহাবিদ্যালয় স্থাপন আদিকে ধৰি কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছিল৷ পূৰ্বৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰি বৰ্তমানৰ ৰাজ্য চৰকাৰে কাজিৰঙালৈ পোনপটীয়া যোগাযোগৰ সুবিধাৰ্থে ডকমকাৰ পৰা কুঠৰীলৈ পথ নিৰ্মাণৰ পদক্ষেপ ইতিমধ্যে গ্ৰহণ কৰি ৩০০ কোটি টকা অনুমোদন দিছে৷