• হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিলে মিছন বসুন্ধৰা ৩.০; কি আছে নতুন সংযোজনত?

    আঞ্চলিক
    হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিলে মিছন বসুন্ধৰা ৩.০; কি আছে নতুন সংযোজনত?
    ডিজিটেল ডেস্ক: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কলাক্ষেত্ৰত ২০ অক্টোবৰ দেওবাৰে মিছন বসুন্ধৰা ৩.০ মুকলি কৰে৷ মিছন বসুন্ধৰা ৩.০ মুকলি কৰি বিৰোধীৰ প্ৰতি সৰৱ হৈ পৰে মুখ্যমন্ত্ৰীগৰাকী৷ তেওঁ কংগ্ৰেছ, এ আই ইউ ডি এফকে ধৰি বিৰোধী দলসমূহৰ সমালোচনাৰ প্ৰত্যুত্তৰত ৰাজ্যৰ খিলঞ্জীয়াক ভূমিৰ অধিকাৰ প্ৰদান কৰাই মিছন বসুন্ধৰাৰ উদ্দেশ্য বুলি উল্লেখ কৰে৷ আৰু কয় যে মিছন বসুন্ধৰাত কেৱল হিতাধিকাৰী বৃদ্ধি কৰাৰ উদ্দেশ্য নাই, সেয়ে মিছন বসুন্ধৰাক অৰুণোদয়ৰ লগত মিলাব নালাগে৷

    মুখ্যমন্ত্ৰীগৰাকীয়ে মিছন বসুন্ধৰা ৩.০ সন্দৰ্ভত বক্তব্য দাঙিধৰি কয় যে মিছন বসুন্ধৰা ৩.০ সফল কৰিবৰ বাবে চাৰি খন আইন সংশোধন কৰিব লগা হৈছে৷ স্বাধীনতাৰ পাছত প্ৰথম বাৰৰ বাবে খিলঞ্জীয়া লোকক মাটি প্ৰদান কৰাত সক্ষম হৈছোঁ ৷ এতিয়াৰ পৰা অনুসূচিত জাতিৰ লোকসকলেও তিনিটা প্ৰজন্মৰ প্ৰমাণ পত্ৰ দিব নালাগে৷ ইয়াৰোপৰি অনুসূচিত জনগোষ্ঠী লোকে ১৯৫১ চনৰ প্ৰমাণ পত্ৰ দিব নালাগে ৩.০ ত আৰু ১৯৭১ চনৰ আগত যিসকলৰ বৈধ শৰণাৰ্থীৰ প্ৰমাণ পত্ৰ আছে তেওঁলোকে বসুন্ধৰা ৩.০ ত আবেদন কৰিব পাৰিব৷ অসমৰ চাহ জনজাতি, প্ৰাক্তন চাহ-জনজাতি, আদিবাসী লোক সকলেও তিনিটা প্ৰজন্মৰ প্ৰমাণ পত্ৰ দিয়াৰ প্ৰয়োজন নাই বুলি উল্লেখ কৰে৷ চাহ, ৰবৰৰ খেতি কৰি থকা খিলঞ্জীয়া লোক সকলে ৩০ বিঘালৈকে ভূমিৰ বাবে আৱেদন কৰিব পাৰিব৷

    যদি কোনো লোকে এই মাটি কিনা-বেচা কৰিলে সেই সময়চোৱাত ১০০শতাংশৰ ভিতৰত ৫০শতাংশ প্ৰিমিয়াম আদায় দিব লাগিব৷

    নগৰাঞ্চলত আছাম টাইপৰ ঘৰ থকাসকলে পূৰ্বতে ৩০শতাংশ প্ৰিমিয়াম দিব লাগিছিল, কিন্তু এতিয়া কেৱল তেওঁলোকে মাটিৰ পট্ৰাৰ বাবদ মাত্ৰ ৩শতাংশ প্ৰিমিয়াম আদায় দিলেই হ'ব৷ আসাম টাইপৰ ঘৰ থকা সকলে কিনা বেচা কৰিলে ২৭% প্ৰিমিয়াম দিব লাগিব৷

    একচনিয়া মাটি যদিহে ম্যাদি পট্টা কৰে তেন্তে মাত্ৰ ১% প্ৰিমীয়াম দিব লাগিব৷ যিমান মন্দিৰ, নামঘৰ, স্কুল, ক্লাৱ আছে, শ্মশান, কবৰস্থান আছে সেই সমূহক ম্যাদি পট্টা দিয়া হ'ব৷ ৰাজহুৱা অনুষ্ঠানৰ নামত দান দিয়া মাটি সমূহ পুনৰীক্ষণ কৰাৰ আহ্বান জনাইছে মুখ্যমন্ত্ৰীয়ে৷ যদিহে সেই মাটি সমূহ নামত ১২ বছৰে কোনো আপত্তি দৰ্শোৱা নাই তেন্তে সেই অনুষ্ঠান সমূহৰ নামত ম্যাদী পট্টা দিয়া হ’ব বুলি ঘোষণা কৰিছে৷

    ৰাজহ বিভাগত হোৱা দুৰ্নীতিৰ সন্দৰ্ভতো বক্তব্য দাঙি ধৰে মুখ্যমন্ত্ৰীগৰাকীয়ে৷ তেওঁ কয় যে চৰকাৰী বিষয়াৰ ভুলৰ বাবে বহুলোকে বৃহৎসংখ্যক মাটি দখল কৰিলে৷ দিছপুৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ত বিগত সময়চোৱাত বিভিন্ন বিষয়াই বহু টকা লুটিলে, মুখ্যমন্ত্ৰীগৰাকীলৈও NC মাটি ক্ৰয় কৰাৰ বাবে অফাৰ আহিছিল বুলি উল্লে কৰে৷

    ভাৰতৰ বিভিন্ন ৰাজ্যত যেতিয়া ভূমি সংস্কাৰ হৈছিল তেতিয়া অসম বহু পিছ পৰি আছিল বুলি মন্তব্য কৰে আৰু যাতে কেতিয়াও কাৰোৰে মাটি হেৰাব নোৱাৰে,সেই বাবে ডিজিটেল মেপলৈ মাটি সমূহ ৰূপান্তৰিত কৰা হৈছে৷ পিছ পৰি থকা বাবেই পুৰণা পদ্ধতিৰ লগত প্ৰযুক্তি বিদ্যা ব্যৱহাৰ কৰি কম সময়ত আগবাঢ়ি যোৱাৰ পৰিকল্পনা কৰা হৈছে বুলি কয়৷

    উল্লেখযোগ্য যে মিছন বসুন্ধৰা ৩.০ৰ মুকলি অনুষ্ঠানতেই মুখ্যমন্ত্ৰীয়ে মুকলি কৰে আন কেইবাখনো আঁচনি৷এই আঁচনি সমূহৰ ভিতৰত আছে-ডিব্ৰুগড়, তিনিচুকীয়া জিলাৰ ডিজিটেল মেপ প্ৰস্তুকৰণ, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ বিষয়া কৰ্মচাৰী সকলক ছিম কাৰ্ড বিতৰণ প্ৰজেক্ট CUG উদ্বোধন কৰে। স্ব-মিত্ৰ আঁচনি মুকলি কৰা হয়৷এই আঁচনি জৰিয়তে অনাজৰীপ গাঁও সমূহ জৰীপ কৰা হ’ব৷ই-খাজনা প্ৰদান কৰাত উপযুক্ত সুবিধাৰ ব্যৱস্থা কৰিবলৈ মৌজাদাৰক এক লাখ টকাকৈ প্ৰদান আদি৷