• ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বেই বৰাকত স্থাপন কৰা হ’ব মিনি ছেক্ৰেটেৰিয়েটঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা

    আঞ্চলিক
    ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বেই বৰাকত স্থাপন কৰা হ’ব মিনি ছেক্ৰেটেৰিয়েটঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা
     ডিজিটেল ডেস্কঃ মুখ্যমন্ত্ৰী হিমন্ত  বিশ্ব শৰ্মাই  বুধবাৰে শিলচৰ আৰু  কৰিমগঞ্জত  নিৰ্বাচনী জনসভাত অংশগ্ৰহণ কৰে। আজি শিলচৰ লোকসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী পৰিমল শুক্লবৈদ্যই  মুখ্যমন্ত্ৰী শৰ্মাৰ উপস্থিতিত আনুষ্ঠানিকভাৱে লোকসভা নিৰ্বাচনৰ বাবে শিলচৰ সমষ্টিৰ প্ৰাৰ্থী হিচাবে  মনোনয়ন পত্ৰ দাখিল কৰে। অনুষ্ঠানটোত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, অসম বিজেপিৰ সভাপতি ভৱেশ কলিতা, শিলচৰৰ সাংসদ ড০ ৰাজদীপ ৰয় আৰু অসম বিজেপিৰ  প্ৰভাৰী পৱন শৰ্মাকে ধৰি দলৰ বহু নেতা-সদস্য উপস্থিত থাকে৷ ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি  মুখ্যমন্ত্রীয়ে কয় যে ২০২৬ চনৰ বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে ইষ্ট-ৱেষ্ট কৰিডৰৰ কাম সম্পূৰ্ণ কৰা হক্সব। বৰাকৰ মিনি চেক্রেটেৰিয়েটৰ কাম আগন্তুক বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে সম্পূৰ্ণ হৈ উঠিব বুলিও তেওঁ কয়। মুখ্যমন্ত্রীয়ে কয় যে জাগীৰোডত যি ধৰণৰ বৃহৎ উদ্যোগ অনা হৈছে ঠিক একেদৰে পাঁচ গ্ৰামৰ বাবেও বৃহৎ উদ্যোগ স্থাপনৰ বাবে ৰাজ্য চৰকাৰে প্ৰয়াস চলাব।


    আজিৰ এই সভাত শিলচৰ লোকসভা সমষ্টিৰ ভাৰতীয় জনতা পার্টি নেতৃত্বাধীন মিত্ৰজোঁটৰ প্রার্থী পৰিমল শুক্লবৈদ্য, ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ সভাপতি তথা বিধায়ক ভৱেশ কলিতা, সাংসদ ডাঃ ৰাজদ্বীপ ৰায়, বিধায়কসকল ক্রমে দ্বিপায়ন চক্ৰৱৰ্তী, কৌশিক ৰায়, মিহিৰ কান্তি সোম, ভাৰতীয় জনতা পাৰ্টিৰ সহপ্ৰভাৰী পৱন শৰ্মা, কাছাৰ জিলা বিজেপিৰ সভাপতি বিমলেন্দু ৰায়, প্ৰমুখ্যে ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰজোঁটৰ বিষয়ববীয়া তথা কার্যকর্তাসকল উপস্থিত থাকে।

    ইয়াৰ পিচতে মুখ্যমন্ত্ৰীয়ে কৰিমগঞ্জ জিলাত উপস্থিত হৈ কৰিমগঞ্জ লোকসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী কৃপানাথ মাল্লাৰ মনোনয়ন পত্র দাখিলৰ সময়ত উপস্থিত থকাৰ লগতে পৰৱৰ্তী সময়ত অনুষ্ঠিত এক বিশাল নির্বাচনী সভাত অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে বৰাক উপত্যকাৰ কৰিমগঞ্জ জিলাই বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ দিনত অসমৰ আন আন জিলাৰ লগতে উন্নয়নৰ দিশত সমভাৱে আগুৱাই যাবলৈ সক্ষম হৈছে। এসময়ত এই জিলাখনৰ বাট-পথ, আন্তঃগাঁথনিমূলক অৱস্থা দুর্বল আছিল বুলি উল্লেখ কৰি তেওঁ কয় যে জিলাখনৰ উন্নয়নৰ বাবে বহু আঁচনি হাতত লোৱা হৈছে। এই আঁচনিসমূহে সকলো স্তৰৰ জনসাধাৰণক উপকৃত কৰিবলৈ সক্ষম হৈছে বুলি তেওঁ কয়।

    আজিৰ এই সভাত ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, মিত্ৰজোঁটৰ প্রার্থী কৃপানাথ মাল্লা, বিধায়কসকল ক্রমে বিজয় মালাকাৰ, কৃষ্ণেন্দু পাল, কৌশিক ৰায়, কৰিমগঞ্জ জিলা বিজেপি সভাপতি সুব্রত ভট্টাচার্য প্রমুখ্যে ভাৰতীয় জনতা পার্টি নেতৃত্বাধীন মিত্ৰজোঁটৰ বিষয়ববীয়া আৰু কার্যকর্তাসকল উপস্থিত থাকে।

    আনহাতে হাইলাকান্দি ৰবীন্দ্ৰ ভৱনত আয়োজিত এক কার্যকর্তা সন্মিলনত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বিশ্বৰ জনপ্রিয় নেতা তথা প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰীৰ আসনত অধিষ্ঠিত হক্সব। তেওঁ কয় যে কেন্দ্ৰ আৰু ৰাজ্যত বিজেপি নেতৃত্বাধীন চৰকাৰ আছে। যদি কৰিমগঞ্জ লোকসভা সমষ্টিৰ পৰা বিজেপিৰ সাংসদ নির্বাচিত হয় তেতিয়া হক্সলে উন্নয়নৰ গতি অধিক ক্ষীপ্ৰ হৈ পৰিব। কৰিমগঞ্জ লোকসভা সমষ্টিত ভাৰতীয় জনতা পার্টি নেতৃত্বাধীন মিত্ৰজোঁটৰ প্ৰাৰ্থী কৃপানাথ মাল্লা বিজয়ী হক্সলে হাইলাকান্দিতো এখন চিকিৎসা মহাবিদ্যালয় নির্মাণ
    হৈ উঠিব বুলি তেওঁ কয়। মুখ্যমন্ত্ৰীয়ে কয় যে বৰাক উপত্যকাত বহু উন্নয়নমূলক কাম হৈছে আৰু ইয়াৰ ধাৰাবাহিকতা অক্ষুণ্ণ থাকিব। মুখ্যমন্ত্রীয়ে কৃপানাথ মাল্লাক বিপুল ভোটত বিজয়ী কৰাবলৈ ৰাইজক আহ্বান জনায়।

    আজিৰ এই সভাত ভাৰতীয় জনতা পাৰ্টিৰ হাইলাকান্দি জিলা সমিতিৰ সভাপতি স্বপন ভট্টাচার্য্য, বিধায়ক কৌশিক ৰায়, কৃষ্ণেন্দু পাল, বিজয় মালাকাৰ প্ৰমুখ্যে ভাৰতীয় জনতা পার্টি নেতৃত্বাধীন মিত্ৰজোঁটৰ বিষয়ববীয়া আৰু কাৰ্যকর্তাসকল উপস্থিত থাকে।