• সাৰদা কেলেংকাৰিত মুখ্যমন্ত্ৰীক জড়িত কৰি বাতৰি প্ৰকাশ, দ্য ইণ্ডিয়ান এক্সপ্ৰেছ কাকতলৈ আইনী জাননী প্ৰেৰণ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

    আঞ্চলিক
    সাৰদা কেলেংকাৰিত মুখ্যমন্ত্ৰীক জড়িত কৰি বাতৰি প্ৰকাশ, দ্য ইণ্ডিয়ান এক্সপ্ৰেছ কাকতলৈ আইনী জাননী প্ৰেৰণ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
    ডিজিটেল ডেস্কঃ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা সাৰদা কেলেংকাৰিৰে সাঙুৰি বাতৰি প্ৰকাশ কৰাৰ বাবে দেশৰ এখন আগশাৰীৰ বাতৰি কাকতলৈ আইনী জাননী জাৰি কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দ্য ইণ্ডিয়ান এক্সপ্ৰেছ কাকতত ২০২৪ চনৰ ২ এপ্ৰিলত প্ৰকাশিত এক অনুসন্ধানমূলক প্ৰতিবেদনৰ বিৰুদ্ধে  মানহানিৰ অভিযোগ উত্থাপন কৰি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইণ্ডিয়ান এক্সপ্ৰেছলৈ আইনী জাননী জাৰি কৰিছে৷ 

    এই প্ৰতিবেদনসমূহেৰে মুখ্যমন্ত্ৰী শৰ্মাৰ সততাত কালিমা সানিব বিচৰা হৈছে বুলিও অভিযোগ কৰা হৈছে। কাকত খনে প্ৰকাশ কৰা ধৰণে  সাৰদা চিটফাণ্ড কেলেংকাৰীত মুখ্যমন্ত্ৰী  শৰ্মাৰ জড়িত থকাৰ অভিযোগ  মুখ্যমন্ত্ৰীয়ে পোনচাটেই নাকচ কৰিছে  আৰু কাকত খনৰ সকলো দাবী দৃঢ়ভাৱে খণ্ডন কৰিছে। ড০ শৰ্মাই  প্ৰকাশ কৰামতে কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো (চিবিআই)য়ে কেতিয়াও তেওঁক গোচৰটোৰ অভিযুক্ত হিচাপে জড়িত কৰা নাই, তাৰ পৰিৱৰ্তে তেওঁক কেৱল সাক্ষী হিচাপেহে তালিকাভুক্ত কৰিছে। মুখ্যমন্ত্ৰীয়ে সঠিক তথ্যৰ বিষয়ে অৱগত নোহোৱাকৈ এনেদৰে ভুল বাতৰি প্ৰকাশ কৰাৰ বাবে কাকত খনৰ সংশ্লিষ্ট ব্যক্তিসকলক গৰিহণা দিছে। 

     দ্য ইণ্ডিয়ান এক্সপ্ৰেছে  প্ৰকাশ কৰা বাতৰিটো  তথ্যগতভাবে ভিত্তিহীন বুলি কোৱা হৈছে।  বাতৰিটোৱে  ড০ শৰ্মাৰ ভাৱমূৰ্তি ক্ষতিগ্ৰস্ত কৰিছে বুলিও জাননী খনত কোৱা হৈছে।  জাননী খনত  দ্য ইণ্ডিয়ান এক্সপ্ৰেছৰ পৰা তাৎক্ষণিক সংশোধনমূলক ব্যৱস্থা গ্ৰহণৰ আহ্বানো  জনোৱা হৈছে। উল্লেখ্য সাৰদা কেলেংকাৰি সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক চিবিআইয়ে মাতি পঠোৱাটো মিছা নহয়।

     কিন্তু চিবিআইয়ে তেওঁক গোচৰটোৰ এজন অভিযুক্ত হিচাবে মাতি পঠিওৱা নাছিল, এজন সাক্ষী হিচাবেহে মাতি পঠিয়াইছিল বুলি হিমন্ত বিশ্ব শৰ্মাই  স্পষ্ট কৰি দিছিল। আনকি ৰাষ্ট্ৰীয় টেলিভিছন চেনেল এটাৰ এক বিশেষ সাক্ষাৎকাৰতো মুখ্যমন্ত্ৰী শৰ্মাই  বিষয়টো অধিক খোলোচা কৰিছিল।