ডিজিটেল ডেস্কঃ আৰক্ষী বিষয়া ভাৰ্গৱ বৰবৰাৰ দাদাগিৰিক ৰাজ্যজুৰি সকলোৱে দিছে ধিক্কাৰ। গুৱাহাটীৰ ফাঁচীবজাৰত ডেলিভাৰী বয় জ্ঞানদীপ হাজৰিকাক ৰাজপথত অপদস্থ কৰি কঠোৰ সমালোচনাৰ সন্মুখীন হৈছে ভাৰ্গৱ বৰবৰা।
খাকী পোচাক পিন্ধি সাধাৰণ মানুহক অপদস্থ কৰা কাৰ্যৰ বিৰু্দ্ধে মাত মাতিছে সকলোৱে। মানুহে ভুল কৰিলে আইন অনুসৰি শাস্তি বিহিব লাগে কিন্তু আইন হাতত তুলি লবলৈ আৰক্ষী বা কোনেও নোৱাৰে।
শুকুৰবাৰৰ সন্ধিয়া প্ৰায় ৬.৩০ বজাত ৰাজপথতে আইন হাতত তুলি পাণবজাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভাৰ্গব বৰবৰাই বৰ বেয়াকৈ প্ৰহাৰ কৰিলে ডেলিভাৰী বয় জ্ঞানদীপ হাজৰিকাক। প্রথমে আৰক্ষী বিষয়াজনে ডেলিভাৰী বয়জনৰ স্কুটীখন বগৰাই দিয়ে। তাৰ পিছতে ডিঙিত ধৰি চোঁচৰাই আনে জ্ঞানদ্বীপ হাজৰিকাক। খাকী পোচাক পিন্ধি গুণ্ডাগিৰি কৰা ভাৰ্গব বৰবৰাই মাৰপিট কৰিবলৈ ধৰে জ্ঞানদ্বীপ হাজৰিকাক। আৰম্ভ কৰিলে অশ্লীল গালি-গালাজ। দিলে মৃত্যুৰ ভাবুকি। কিন্তু আৰক্ষী বিষয়াজনৰ এনে গুণ্ডাগিৰি এগৰাকী সাহসী যুৱতীয়ে ভিডিঅ’ কৰিলে। ভাৰ্গব বৰবৰাই যুৱতীগৰাকীকো ধমক দিয়া স্পষ্ট হৈ আছে ভিডিঅ’টোত।
যুৱতীগৰাকীয়ে পাণবজাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভাৰ্গব বৰবৰাৰ গুণ্ডাগিৰিৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত আপলোড কৰাৰ লগে লগে ভাইৰেল হৈ পৰিল। সকলোৱে ভাৰ্গৱ বৰবৰাৰ শাস্তিৰ দাবী তুলিলে।
ইফালে ভাৰ্গব বৰবৰাৰ হাতত প্ৰহৃত হোৱা জ্ঞানদ্বীপ হাজৰিকা নামৰ যুৱকজন জমেটো বয় হিচাপে কৰ্মৰত। পিতৃহাৰা যুৱকজনে পঢ়া-শুনা কৰাৰ লগতে ডেলিভাৰী বয় হিচাপে গুৱাহাটীত কাম কৰি আছিল। যুৱকজন কটন বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ ছাত্ৰ। ভিডিঅ’টো ভাইৰেল হোৱাৰ পিছতে ঘটনাৰ পাছতে আৰক্ষী বিষয়া ভাৰ্গৱ বৰবৰাক নিলম্বন কৰে DGP জি পি সিঙে। আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে হ’ব বিভাগীয় তদন্ত ঘোষণা কৰে জি পি সিঙে।
এই বৰ্বৰ ঘটনাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কটন বিশ্ববিদ্যালয়ে। কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাই কয় যে যদি ছাত্ৰজনৰ ভুল আছে তেন্তে আইনী ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল। কিন্তু কষ্ট কৰি পঢ়ি থকা ছাত্ৰ-ছাত্ৰীৰ ওপৰত পুলিচৰ গুণ্ডাগিৰি নচলিব বুলি ক্ষোভ ব্যক্ত কৰে। অভিযুক্ত আৰক্ষী বিষয়াজনে ৰাজহুৱাভাৱে ক্ষমা খোজাৰ দাবী কটনৰ ছাত্ৰৰ। ভৱিষ্যতে কোনো শিক্ষাৰ্থীৰ লগতে এনে ঘটনা সংঘটিত নহয় বুলি আৰক্ষী বিষয়াজনে আশ্বাস দিব লাগিব বুলি দাবী তুলিছে কটনৰ ছাত্ৰসমাজে। এই আশ্বাস নোপোৱালৈ প্ৰতিবাদ অব্যাহত থাকিব বুলি হুংকাৰ কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰৰ।
Leave A Comment