ডিজিটেল ডেস্কঃ চিৰাঙৰ বিজনীৰ আবাদীপাৰাত বনৰীয়া গৰুৰ আক্ৰমণ।
আহত দুজন ব্যক্তি। ইয়াৰে এগৰাকী মহিলা।
আহত ব্যক্তি দুজন ক্ৰমে আবাদীপাৰা নিৱাসী পূৰ্ণিমা ৰায় আৰু ভাওৰাগুৰী দাসপাৰাৰ মহৰ আলী।
আহত মহিলা পূৰ্ণিমা ৰায়ক চিকিৎসালয়ত ভৰ্ত্তি।
বিজনীৰ ভাৰত-ভূটান সীমান্তৱৰ্তী মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা আহিছে এই প্ৰাপ্তবয়স্ক বনৰীয়া গৰুটো।
নিশা ৰাষ্ট্ৰীয় উদ্যানখনৰ পৰা ওলাই অহা বনৰীয়া গৰুটোৱে আবাদীপাৰা, ভাওৰাগুৰী অঞ্চলত প্ৰৱেশ কৰি আতংকৰ সৃষ্টি কৰিছে।
সম্প্ৰতি অঞ্চলটোত বন বিভাগ আৰু আৰক্ষী উপস্থিত হৈ বনৰীয়া গৰুটো খেদিবলৈ চেষ্টা চলাইছে।
Leave A Comment