ডিজিটেল ডেস্ক: সম্প্ৰতি যুৱপ্ৰজন্মৰ মাজত খুবেই জনপ্ৰিয় ডেটিং এপ৷ আজিৰ ডিজিটেল যুগত ডেটিং এপৰ জৰিয়তে অধিক সংখ্যক লোকে ভালপোৱা জনক বিচাৰে। এসময়ত মানুহক লগ পোৱাৰ যিটো অগতানুগতিক উপায় যেন লাগিছিল, কিন্তু এতিয়া ডেটিং এপ অৰ্থপূৰ্ণ সম্পৰ্কৰ এক সাধাৰণ পথ হৈ পৰিছে৷ যুৱপ্ৰজন্মক এই এপ বিলাকত অতি সক্ৰিয় হোৱা পৰিলক্ষিত হয়৷ অপুনি জানে নে এই এপ বিলাক কিমান সুৰক্ষিত? আপুনি প্ৰদান কৰা তথ্য কিমান সুৰক্ষিত? শেহতায়াকৈ গুৱাহাটী মহানগৰীত প্ৰাগ নিউজৰ তৎপৰতাত পোহৰলৈ আহিছে এই এপসমূহ ব্যৱহাৰ কৰি কৰি যৌনতাৰ বেহা চলোৱাৰ এক ঘটনা৷
ঘটনাক্ৰম অনুসৰি গুৱাহাটিত এটা চক্ৰই ফেচবুক, ইনষ্টাগ্রামৰ পৰা ফটো সংগ্ৰহ কৰি অশ্লীল টেগলাইনেৰে ফেচবুক পেজ, ডেটিং এপত আপলোড কৰিছিল আৰু গ্ৰাহকক ফটো দেখুৱাই দৰ দাম কৰিছিল৷ এই ছক্ৰটোৰ কৱলত ৰাজ্যৰ বহু শিক্ষিত যুৱতী এই চক্ৰৰ বলি হৈছে৷ আনকি সংবাদমাধ্যমৰ বহু কেইগৰাকী যুৱতী-মহিলা সংবাদকৰ্মীকো টাৰ্গেট কৰিছিল চক্ৰটোৱে৷
এই চক্ৰটো গুৱাহাটীৰ ইউনিচেক্স পাৰ্লাৰ দ্বাৰা পৰিচালিত বুলি জানিব পৰা গৈছে৷ ইতিমধ্যে ভুক্তভোগীৰ এজাহাৰ ভিত্তিত আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিছে৷ আৰক্ষীৰ প্ৰাৰম্ভিক তদন্তত চক্ৰটোৰ সৈতে জড়িত এগৰাকী যুৱতীৰ নাম পোহৰলৈ আহিছে৷
এই ঘটনাৰ পাছৰ পৰা ডেটিং এপত ফটো আপলোডক লৈ কঠোৰ হৈছে আৰক্ষী৷ চাইবাৰ আৰক্ষীয়ে ইতিমধ্যে চক্ৰটোৰ তেনে কেইবাটাও পেজ বন্ধ কৰিছে৷ লগতে আৰক্ষীয়ে কোনে কিয় আপলোড কৰিছিল ফটোসমূহ তাকলৈ সামাজিক মাধ্যমত তীব্ৰ দৃষ্টি ৰাখিছে বুলি সদৰি কৰিছে৷
প্ৰশ্ন হয় যে ইয়াৰ পাছতো যে এনে ধৰণৰ ঘটনা নঘটিব সেয়া ন দি ক’ব নোৱাৰি এই ঘটনাসমূহ নিৰ্মূল কৰাৰ ক্ষেত্ৰত আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিব নে চক্ৰটোৰ সৈতে জড়িত সকলক ধৰিয়ে ক্ষান্ত থাকিব আৰক্ষী সেয়া লক্ষণীয় হ’ব৷
Leave A Comment