ডিজিটেল ডেস্কঃ চিকিৎসা বিজ্ঞানৰ ইতিহাসত এক বিৰল ঘটনা। সাপে দংশন কৰাৰ পাছতো এটি কন্যা সন্তান জন্ম দিয়াবলৈ সক্ষম হ'ল শিৱসাগৰৰ এদল চিকিৎসকে।
চিকিৎসা বিজ্ঞানৰ মতে বিষাক্ত সাপে গৰ্ভৱতী মহিলাক দংশন কৰিলে নষ্ট হয় ভ্ৰুণ। পিছে এইক্ষেত্ৰত শিৱসাগৰ ডিমৌ আদৰ্শ চিকিৎসালয়ৰ এদল চিকিৎসক, স্বাস্থ্য কৰ্মীয়ে কঢ়িয়ালে আশাৰ বতৰা।
চিকিৎসালয় খনৰ একাংশ নিষ্ঠাৱান চিকিৎসক, স্বাস্থ্যকৰ্মী সকলে কৰা সু-চিকিৎসাৰ ফলত অতি বিষাক্ত সাপে দংশন কৰা এগৰাকী প্ৰসূতিয়ে সুস্থ সন্তান জন্ম দিবলৈ সক্ষম হোৱা ঘটনাই আশাৰ বতৰা কঢ়িয়াই আনিছে।
শিৱসাগৰৰ ৰাজমাইৰ ৰূপা ঘাছী নামৰ গৰ্ভৱতী মহিলাগৰাকীয়ে অতি বিষাক্ত ক'লা শংখচূড় সাপে দংশন কৰাৰ পিছতো শেহতীয়াকৈ সুস্থ সন্তান জন্ম দিবলৈ সক্ষম হয়। লগতে সম্পূৰ্ণ সুস্থ অৱস্থাত আছে প্ৰসূতি মাতৃগৰাকী। তিনিমাহৰ গৰ্ভৱতী অৱস্থাতে শংখচূড় সাপে দংশন কৰিছিল ৰূপা ঘাছিক। সংজ্ঞাহীন হৈ পৰিছিল প্ৰসূতিগৰাকী। কিন্তু ততাতৈয়াকৈ ডিমৌ আদৰ্শ চিকিৎসালয়লৈ নিয়াৰ পিছতে তৰিৎ গতিত চলিছিল চিকিৎসা।
তাৰপাছত ক্ৰমাৎ সুস্থ হৈ পৰা ৰূপা ঘাছিয়ে শেহতীয়াকৈ এটি সুস্থ কন্যা সন্তানৰ মাতৃ হোৱাৰ গৌৰৱৰ অধিকাৰী হ'ল।
বিশ্বৰ ভিতৰতে এয়া বিৰল তথা ভাৰতত প্ৰথম ঘটনা হিচাপে চিহ্নিত হৈছে।
ডিমৌ গ্ৰাম্য চিকিৎসালয়ত কৰ্মৰত সংজ্ঞাহাৰক বিশেষজ্ঞ, সৰ্প বিশেষজ্ঞ ডা: সুৰজিৎ গিৰিৰ নেতৃত্বত একাংশ চিকিৎসক, স্বাস্থ্য কৰ্মীয়ে এই অসম্ভৱকে সম্ভৱ কৰি তুলিলে। এই খবৰে বৰ্তমান চিকিৎসা বিজ্ঞানলৈ আশাৰ সঞ্চাৰ কঢ়িয়াই অনাৰ লগতে ভাৰতৰ বাবে গৌৰৱৰ বিষয় হৈ পৰিছে।
বিষাক্ত সাপে দংশন কৰা গৰ্ভৱতী মহিলাইয়েও যে সুস্থ সন্তান জন্ম দিব পাৰে তাৰ বাবে অন্যতম উদাহৰণ হৈ পৰিছে ৰূপা ঘাছি।
পিতৃ-মাতৃৰ আহ্বান মৰ্মে কন্যা সন্তানটিৰ নাম ‘মৃত্যুঞ্জয়ী’ ৰাখিলে চিকিৎসকৰ দলটিয়ে।
বাতৰি সংগ্ৰহঃ ভৈৰৱ মুণ্ডা, শিৱসাগৰ
Leave A Comment