ডিজিটেল ডেস্কঃ ডিমৌ ভলুকাগুৰি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে।
এই পথ দুৰ্ঘটনাত থিতাতে নিহত এগৰাকী যুৱতী।
তেল পৰিবাহী টেংকৰাৰ খুন্দাত যুৱতীগৰাকী থিতাতে নিহত হয়।
ডিগবৈৰ পৰা শিৱসাগৰ অভিমুখী AS 05C 1769 নম্বৰৰ তেলৰ টেংকাৰখনে যুৱতীগৰাকীক তীব্ৰ বেগত খুন্দা মাৰি বহু দূৰ চোঁচৰাই নিয়ে, যাৰ ফলত থিতাতে নিহত হয় যুৱতীগৰাকী।
যুৱতীগৰাকীৰ বেগত উদ্ধাৰ হোৱা আধাৰ কাৰ্ডৰ ভিত্তিত দুৰ্ঘটনাত নিহত যুৱতীগৰাকী কাষৰে কঠালবাৰী গাঁৱৰ মিনা মুণ্ডা বুলি সন্দেহ কৰা হৈছে।
আধাৰ কাৰ্ডৰ ভিত্তিত সঠিক পৰিচয় উদ্ধাৰৰ বাবে আৰম্ভ তদন্ত।
বৰ্তমান ডিমৌ আৰক্ষীয়ে যুৱতীগৰাকীৰ সঠিক পৰিচয় উদ্ধাৰৰ বাবে তদন্ত আৰম্ভ কৰিছে।
বৰ্তমান আৰক্ষীয়ে যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি ডিমৌ আদর্শ চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে।
Leave A Comment