ডিজিটেল ডেস্কঃ ৰাজ্যৰ বিভিন্ন জিলা তথা বিধান সভা সমষ্টিসমূহত আম আদমী পাৰ্টিৰ সাংগঠনিক ভেটি শক্তিশালী ৰূপত গঢ়ি তোলাৰ উদ্দেশ্যে ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰৰ নেতৃত্বত অব্যাহত আছে সম্পৰ্ক যাত্ৰা অভিযান।
গোলাঘাট জিলাৰ দেৰগাঁও বিধান সভা সমষ্টিৰ অন্তৰ্গত নেঘেৰিটিঙত অনুষ্ঠিত সম্পৰ্ক যাত্ৰাত সভাপতি মনোজ ধানোৱাৰৰ লগতে অংশগ্ৰহণ কৰে ৰাজ্যিক সাধাৰণ সম্পাদক ৰাজীৱ শইকীয়া, সামাজিক মাধ্যমৰ ৰাজ্যিক সমন্বয়ক তাৰিক চৌধুৰী, সাংগঠনিক সম্পাদক দিলীপ হাজৰিকা আৰু গোলাঘাট জিলা আপৰ সভাপতি পুলিন গগৈয়ে। সম্পৰ্ক যাত্ৰা অভিযানৰ অংশ হিচাপে আপৰ যুৱ শক্তিৰ মুখপাত্ৰ চাকিল আহমেদৰ নেতৃত্বত অনুষ্ঠিত সভাত তৃণমূল কংগ্ৰেছৰ গোলাঘাট জিলাৰ বহুকেইগৰাকী নেতাই আপত যোগদান কৰে। তৃণমূল কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ডাঃ শশাংক বৰঠাকুৰ, তন্ময় জ্যোতি বাইলুং, গোলাঘাট জিলা তৃণমূল কংগ্ৰেছৰ উপ সভাপতি লখিন্দৰ ভাইনা, জিলা তৃণমূল যুৱ কংগ্ৰেছৰ সভাপতি পাপু গগৈ মৰঙি ব্লক তৃণমূল কংগ্ৰেছৰ বৰুণ নন্দ, দেৰগাঁও টাউন তৃণমূল কংগ্ৰেছৰ নেতা বাবলু দাস, কঠালগুৰি ব্লক তৃণমূল কংগ্ৰেছৰ মৃদুল নাথ, বোকাখাত ব্লক তৃণমূল কংগ্ৰেছৰ নেতা দুগ্ধমণি দাসে তৃণমূল কংগ্ৰেছ ত্যাগ কৰি আপত যোগদান কৰে।
নতুনকৈ দলত যোগদান কৰা সকলক আদৰণি জনায় ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰে। আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ আগে আগে দলৰ সাংগঠনিক ভেটি শক্তিশালী ৰূপত গঢ়ি তোলাৰ স্বাৰ্থত কাম কৰিবলৈ ধানোৱাৰে আহ্বান জনায়। দলৰ কৰ্মকৰ্তা সকলক ৰাজহুৱা উন্নয়নৰ স্বাৰ্থত পঞ্চায়ত নিৰ্বাচনৰ বাবে সাজু হ'বলৈ আহ্বান জনায়। ৰাজ্যিক সাধাৰণ সম্পাদক ৰাজীৱ শইকীয়াই বুথ পৰ্যায়য়ত কমিটী গঠনত গুৰুত্ব আৰোপ কৰে।
Leave A Comment