• ১২ দিনৰ পূৰ্বে পৃথিৱীৰ মুখ দেখা এটা সন্তানক লৈ বিপদত পৰিছে এটা পৰিয়াল

    আঞ্চলিক
    ১২ দিনৰ পূৰ্বে পৃথিৱীৰ মুখ দেখা এটা সন্তানক লৈ বিপদত পৰিছে এটা পৰিয়াল
    ডিজিটেল ডেস্কঃ দেৰগাঁৱৰ এটা পৰিয়ালত হাহাকাৰ৷ এটা সদ্যজাত শিশুক লৈ তেওঁলোক পৰিছে বিপাঙত। 

    চিকিৎসকৰ মতে শিশুটোৰ মগজু নাই। মগজু নোহোৱাকৈ জন্ম হল শিশুটি৷ ১২ দিনৰ পূৰ্বে পৃথিৱীৰ মুখ দেখা এই সন্তানটোক লৈ এতিয়া বিপদত পৰিছে পৰিয়ালটো। 

    দেৰগাঁৱৰ নেঘেৰিটিং বৰলাইনৰ ঘটনা এয়া। ৰাজীৱ আলীৰ পত্নী আইচা বেগমে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত জন্ম দিয়ে এই পুত্ৰ সন্তানটো। চিকিৎসকে সন্তানটোৰ মগজু নাই বুলি প্ৰেৰণ কৰে অসম চিকিৎসা মহাবিদ্যালয়লৈ। 

    তাতো চিকিৎসকে জানিবলৈ দিয়ে একেই কথা। উপায়ন্তৰ হৈ ঘৰলৈ উভটি আহে দৰিদ্ৰ পৰিয়ালটো। সন্তানটোক লৈ এতিয়া বিপাঙত পৰিছে দুৰ্ভগীয়া পৰিয়ালটো। উন্নত চিকিৎসাৰ ব্যৱস্থাৰ বাবে মুখ্যমন্ত্ৰী তথা হৃদয়বান ৰাইজৰ সহায় বিচাৰিছে দৰিদ্ৰ পৰিয়ালটোৱে। পৰিয়ালটোৰ যোগাযোগ নম্বৰঃ 8099614028