• HS Results: বিজ্ঞান শাখাৰ প্ৰথম স্থানপ্ৰাপক ধৃতিৰাজ বাস্তৱ কলিতাই মুগ্ধ কৰিছে অসমবাসীক

    আঞ্চলিক
    HS Results: বিজ্ঞান শাখাৰ প্ৰথম স্থানপ্ৰাপক ধৃতিৰাজ বাস্তৱ কলিতাই মুগ্ধ কৰিছে অসমবাসীক

    ডিজিটেল ডেস্ক: অইনৰ কথা মই নাজানো৷ ব্যক্তিগতভাৱে মই ভাবো- মোৰ মৃত্যুৰ পাছতো যেন সমাজৰ দুজন হ’লেও লোকে মোৰ নাম লয়, সেয়াই মোৰ সপোন....৷ ধৃতিৰাজ বাস্তৱ কলিতা, দৰং জিলাৰ বানেইকুছিৰ বাসিন্দা৷ আজি ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত বিজ্ঞান শাখাত ৰাজ্যৰ ভিতৰতে শীৰ্ষস্থান লাভ কৰা ধৃতিৰাজ বাস্তৱ কলিতাৰ মনৰ অনুভৱ এয়া৷

    এইগৰাকী কৃতী শিক্ষাৰ্থীৰ এই গভীৰ কথাষাৰিয়ে এতিয়া ব্যাপক চৰ্চা লাভ কৰিছে অসমীয়া নেটিজেনৰ মাজত৷ নিজানে-নিৰলে এধানি আৱেগ নিগৰিছে প্ৰতিগৰাকী অসমীয়াৰ মনত৷ স্থানলাভৰ পাছত সাংবাদিকে ধৃতিৰাজৰ প্ৰতিক্ৰিয়া জানিবলৈ বিচৰাত ধৃতিৰাজে তেনেদৰেই কৈ গ’ল কথাষাৰ৷

    অকল ইমানেই নহয় ধৃতিৰাজে ভাবে তেওঁৰ নিজৰ ভিতৰত চিকিৎসক হোৱাৰ যোগ্যতা নাই, নিজকে শিক্ষকতাৰ যোগ্য বুলিহে ভাবে তেওঁ৷ আৰু সেয়ে ভৱিষ্যতে শিক্ষক হোৱাৰ সপোনটোক আলফুল যতনেৰে সাঁচি ৰাখিছে কৃতী শিক্ষাৰ্থীগৰাকীয়ে৷ আইআইটিৰ অধ্যাপক হ’বলৈ ভৱিষ্যতে নিজকে আগবঢ়াই নিব খোজে ধৃতিৰাজে৷

    সাধাৰণতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত স্থান লাভ কৰা অধিকাংশ শিক্ষাৰ্থীকে পৰৱৰ্তী সময়ত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত স্থান লাভ কৰা দেখা নাযায়৷ কিন্তু, ধৃতিৰাজ বাস্তৱ কলিতা আছিল ব্যতিক্ৰম৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাত পদুম পুখুৰী হাইস্কুলৰ পৰা ৰাজ্যৰ ভিতৰতে শীৰ্ষস্থান লাভ কৰা ধৃতিৰাজে অক্ষুণ্ণ ৰাখিলে নিজৰ প্ৰতিভা৷ নৱ কুমাৰ কলিতা আৰু তুলুমণি কলিতাৰ পুত্ৰ ধৃতিৰাজ বাস্তৱে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলতো বিজ্ঞান শাখাত শীৰ্ষস্থান দখলেৰে অনন্য কৃতিত্বৰ আখৰ লিখিলে৷

    পাঁচোটা বিষয়তে লেটাৰসহ ৪৯১ নম্বৰ লাভ কৰি ৯৮.২ শতাংশৰে প্ৰথম স্থান দখল কৰে ধৃতিৰাজ বাস্তৱ কলিতাই৷ দেওমৰনৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰগৰাকীৰ ঘৰ দৰং জিলাৰ বানেইকুছিত৷ অকল শিক্ষাই নহয়, ধৃতিৰাজৰ ৰাপ সংগীততো৷ সংগীতৰ সান্নিধ্যত জীৱনৰ ছন্দ বিচাৰি ফুৰে ধৃতিৰাজে৷ গুণগুণাই জুবিনৰ গান৷ সংগীত ধৃতিৰাজৰ সংগী৷ এইগৰাকী ধৃতিৰাজৰ সফলতাত এতিয়া উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ দৰং জিলাতে৷ একেসময়তে ধৃতিৰাজৰ কথা, চিন্তা আৰু বক্তব্যৰ গভীৰতাই পুনৰ এবাৰ নতুন প্ৰজন্মৰ প্ৰতি প্ৰত্যয়ী কৰি তুলিছে অসমবাসীক৷