ডিজিটেল ডেস্কঃ এজন ই-ৰিক্সা চালকৰ মহানুভৱতা। ঘূৰাই দিলে লক্ষাধিক টকাৰ সোণৰ গহনাসহ টকাভৰ্তি বেগ। এই ঘটনা সংঘটিত হৈছে ধুবুৰী জিলাৰ গোলকগঞ্জত। প্ৰাপ্ত তথ্য মতে গোলকগঞ্জ ডাকঘৰৰ কৰ্মী বৰুন দাসৰ পত্নী নমিতা দাসে নিজৰ পুত্ৰ আৰু ককায়েকৰ লগত গৈ আছিল বঙাইগাঁৱলৈ। আছিল আত্মীয়ৰ বিয়া।
ৰে'ল ষ্টেচনলৈ যাবলৈ উঠিছিল ই-ৰিক্সাত। ৰে'ল ষ্টেচন পাই নামি গ'ল ই ৰিক্সাৰ পৰা। কিন্তু এৰি গ'ল সোণৰ গহনা আৰু টকাৰ বেগ। ই-ৰিক্সা গুচি গ'ল। বেগ বিচাৰি লাগিল হাহাকাৰ। গোটেই ৰে'ল ষ্টেচন, গোলকগঞ্জ বজাৰত বেগ বিচাৰি ব্যাকুল হৈ পৰিল পৰিয়ালৰ সকলো। উপস্থিত হ'ল গোলকগঞ্জ থানাত।
ইতিমধ্যেই ই-ৰিক্সা চালক সঞ্জয় চন্দে বেগ পাই উপস্থিত হ'ল গোলকগঞ্জ থানাত। আৰক্ষীৰ হাতত জমা দিলে লক্ষাধিক টকাৰ সোণৰ গহনা আৰু টকাৰ বেগ। আৰক্ষীয়ে সকলো চালি জাৰি চাই বেগ গতাই দিলে বৰুন দাসৰ পত্নী নমিতা দাসৰ হাতত। হেৰুৱাই যোৱা বেগ পাই আনন্দত আত্মহাৰা হৈ পৰিল সকলো। বেগ খুলি সোণৰ গহনা আৰু টকাখিনি চাই বৰুন দাসৰ লগতে পত্নী নমিতা দাসে ধন্যবাদ জ্ঞাপন কৰিলে ই ৰিক্সা চালক সঞ্জয় চন্দক। সকলোৱেই ই ৰিক্সা চালক সঞ্জয় চন্দৰ মহানুভৱতাক চ্যেলুট জনালে। গোলকগঞ্জ আৰক্ষীয়েও ই ৰিক্সা চালক সঞ্জয় চন্দক ধন্যবাদ জ্ঞাপন কৰিলে।
Leave A Comment