ডিজিটেল ডেস্কঃ বগা চাউলৰ ক’লা বেহা, গ্ৰাহকক চাউল দিয়াৰ পৰিৱৰ্তে বেপাৰীৰ ওচৰত চাউল বিক্ৰী৷
ৰেশ্বন কাৰ্ডৰ নামত হাজাৰ-হাজাৰ টকা সংগ্ৰহ৷ ধুবুৰী জিলাৰ ফকিৰগঞ্জ আইৰকাটা সমবায় সমিতিৰ অন্তৰ্গত বিৰসিং নতুন বজাৰস্থিত দোকানৰ আই ডি নং 130100120218 ফজৰ আলী নামৰ সুলভ মূল্যৰ দোকানীৰ বিৰুদ্ধে ৰেশ্বন কাৰ্ডৰ গ্ৰাহকৰ ভয়ংকৰ অভিযোগ।
গ্ৰাহকৰ অভিযোগ মতে সুলভ মূল্যৰ দোকানী ফজৰ আলীয়ে গ্ৰাহকৰ ঘৰে ঘৰে গৈ আঙুলিৰ ছাপ লয় কিন্তু চাউল নিদিয়ে গ্ৰাহকক।
চৰকাৰী SOP মতে প্ৰতি মাহৰ ১ তাৰিখৰ পৰা ১০ তাৰিখৰ ভিতৰত গ্ৰাহকক দিব লাগে চাউল কিন্তু আজি সুলভ মূল্যৰ দোকান খোলাৰ লগে লগে গ্ৰাহকৰ ভিৰ লাগে যদিও দোকানত চাউল নথকাৰ বাবে গ্ৰাহক হৈ পৰে উত্তেজিত।
গ্ৰাহকক চাউল দিয়াৰ পৰিৱৰ্তে হবিবৰ ৰহমান নামৰ বেপাৰীৰ ওচৰত চাউলসমূহ বিক্ৰী কৰাৰ অভিযোগ ফজৰ আলীৰ বিৰুদ্ধে।
ফজৰ আলীয়ে চাউল বিক্ৰী কৰাৰ লগতে নতুন ৰেচন কাৰ্ড বনোৱাৰ নামত গ্ৰাহকৰ পৰা সংগ্ৰহ কৰিছে ৬-৭ হাজাৰ কৈ টকা।
এনে দুষ্কাৰ্যত জড়িত হোৱা ফজৰ আলীৰ উচিত শাস্তি বিচাৰিছে স্থানীয় জনতাই।
Leave A Comment