• শিৱসাগৰত তীব্ৰ চাঞ্চল্য! দিখৌত এটাৰ পিছত এটা আত্মহত্যাৰ ঘটনা

    আঞ্চলিক
    শিৱসাগৰত তীব্ৰ চাঞ্চল্য! দিখৌত এটাৰ পিছত এটা আত্মহত্যাৰ ঘটনা
    ডিজিটেল ডেস্কঃ শিৱসাগৰত দিখৌত এটাৰ পিছত এটা আত্মহত্যা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। ১৮ জুনত দিখৌ দলঙৰ পৰা নদীত জপিয়াই চুলেমান হুছেইন নামৰ ব্যক্তিজনে আত্মহত্যা কৰাৰ পিছত যোৱা নিশা একে স্থানৰে পৰা এগৰাকী নাৰ্চে দিখৌত জাপ দিয়া ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। উল্লেখ্য যে যোৱানিশা শিখা শইকীয়া নামৰ মহিলাগৰাকীয়ে দিখৌ দলঙৰ পৰা নদীত জাঁপ দিয়ে। এটি ১৩ বছৰীয়া সন্তানৰ মাতৃ শিখা শইকীয়াৰ অনুসন্ধান দিখৌৰ বুকুত এছ ডি আৰ এফে অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈকে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। কালুগাঁও উপ স্বাস্থ্য কেন্দ্ৰত কৰ্মৰত তথা জয়সাগৰ নিবাসী শিখা শইকীয়াই কি কাৰণে দিখৌত জাপ দিলে তাকে লৈ উত্থাপন হৈছে অনেক প্ৰশ্নৰ। 

    শিৱসাগৰ সদৰ আৰক্ষীয়ে এই পৰ্যন্ত ছুইচাইড নোট ৰাজহুৱা কৰা নাই যদিও শিখা শইকীয়াৰ কেতবোৰ ন ন তথ্য পোহৰলৈ আহিছে। লক্ষ্যণীয় যে ২০০৭ চনত শিখা শইকীয়াৰ পিতৃ অপূৰ্ব শইকীয়াই নিশা দিখৌ দলঙৰ একে স্থানৰ পৰা নদীত জপিয়াই আত্মহত্যা কৰিছিল। ইপিনে শিখা শইকীয়াই যোৱা ১৮ জুনত আমগুৰি থানাত তৰিছিল গোচৰ।  শিৱসাগৰ লালিম গাঁৱৰ ১৪ নং ৱাৰ্ডৰ ৰৌজি ৰাভা গগৈ নামৰ মহিলা গৰাকীৰ বিৰুদ্ধে গোচৰ। গোচৰ নম্বৰ আছিল ৬৫/২০২২।  ৰৌজি ৰাভাৰ স্বামী নিৰিশিত গগৈৰ সৈতে শিখাৰ অবৈধ সম্পৰ্ক থকা বুলি সন্দেহ কৰি কালুগাঁও উপ স্বাস্থ্য কেন্দ্ৰতে শিখা শইকীয়াক কটু কথাৰে অপদস্থ কৰিছিল। এই অভিযোগ উত্থাপন কৰি আমগুৰি থানাত শিখা শইকীয়াই ৰৌজিৰ বিৰুদ্ধে তৰিছিল গোচৰ। 

    উল্লেখ্য যে ২০১৮ চনত হৰেন বৰা নামৰ এজন লোক আৰু তেওঁৰ পৰিয়াল গৈ থকা গাড়ীখন দিখৌ নৈত পৰাৰ ঘটনাই সমগ্ৰ অসমতে চাঞ্চল্যৰ সৃষ্টি কৰিছিল। নৈত উদ্ধাৰ হৈছিল গাড়ীসহ ৫টা মৃতদেহ। এই ঘটনা দুৰ্ঘটনা নে আত্মহত্যাৰ ঘটনা আছিল তাৰ ৰহস্য আজিও উদ্ধাৰ নহ'ল। দিখৌত নৈত হৈ থকা এনেবোৰ ঘটনাই অঞ্চলবাসীৰ মাজত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে।