ডিজিটেল ডেস্কঃ ডিকমত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা৷ ডিকম আৰক্ষী চকী অন্তৰ্গত ইকৰাতলি খেমানিত সংঘটিত হৈছে পথ দুৰ্ঘটনাটো৷
এই দুৰ্ঘটনাত প্ৰাণ গল এগৰাকী বাইক চালকৰ। দুৰ্ঘটনা সংঘটিত কৰি পলায়ন অইল টেংকাৰ চালকৰ।
ডিব্ৰুগড়ৰ পৰা ডিকম অভিমুখে আহি থকা অৱস্থাত মটৰ চাইকেলত অহা ব্যক্তিগৰাকীক অইল টেংকাৰ খনে খুন্দা মাৰে। ঘটনাস্থলীতে মটৰ চাইকেল আৰোহীগৰাকীৰ থিতাতে মৃত্যু হয়।
বাইক আৰোহীগৰাকী ৰে’ল বিভাগৰ কৰ্মচাৰী মণি শংকৰ কুমাৰ বুলি জানিব পৰা গৈছে।
মৃত মণি শংকৰ কুমাৰৰ ঘৰ আছিল বিহাৰত।
Leave A Comment