• উদ্ভাৱন হ'ল মাহ-প্রসাদ ধোৱা যন্ত্র

    আঞ্চলিক
    উদ্ভাৱন হ'ল মাহ-প্রসাদ ধোৱা যন্ত্র
    ডিজিটেল ডেস্কঃ অসমীয়া সমাজৰ ধৰ্মীয় অনুষ্ঠানত সচৰাচৰ প্ৰয়োজনীয় মাহ-প্রসাদ তৈয়াৰ কৰোঁতে মগু মাহৰ বাকলি গুচোৱাত ব্যাপক সমস্যাৰ সন্মুখীন হয়। নামঘৰতেই হওক বা ব্যক্তিগত নাম-প্রসংগতে হওক মগু মাহ ধোৱাটো ধর্মীয় অনুষ্ঠানসমূহত দেউৰী তথা বিলনীয়াসকলৰ বাবে প্রত্যাহবান হৈ পৰিছে। 

    নামঘৰৰ একোটা বৰসবাহত এক-দুই কুইণ্টল মগু মাহৰ প্ৰয়োজন হয়। কিন্তু এই বৃহৎসংখ্যক মগু মাহসমূহ ধুই প্ৰসাদ তৈয়াৰ কৰালৈকে সমাজখনৰ বাবে অসুবিধাৰ সন্মুখীন হয়। কিয়নো ইমান সময় তলত বহি মাহ ধুই চকোৱা গুচোৱা মানুহৰ এতিয়া অভাৱ হৈছে। শাৰীৰিক অসুবিধাৰ হেতু মহিলাসকলে সচৰাচৰ এই কামসমূহ কৰিব নোৱাৰা হৈছে। এনে এক প্রত্যাহ্বানৰ সময়তে ৰাজ্যৰ বিশিষ্ট উদ্ভাৱক উদ্ধৱ চন্দ্ৰ ভৰালীয়ে মগু মাহৰ বাকলি গুচোৱা (মাহ-প্রসাদ ধোৱা) যন্ত্ৰ উদ্ভাৱন কৰে। উদ্ভাৱক ভৰালীয়ে মঙলবাৰে যোৰহাটৰ এক নং সোণাৰি গাঁৱৰ নামঘৰত মাহ-প্ৰসাদ ধোৱা যন্ত্র প্রদান কৰে। 

    বিগত বৰ্ষত উদ্ভাৱকগৰাকীয়ে পকা মিঠৈ তৈয়াৰ কৰা যন্ত্ৰ উদ্ভাৱন কৰাৰ পাছত মঙলবাৰে পুনৰ মাহ-প্ৰসাদ ধোৱা যন্ত্ৰ সোণাৰি গাঁৱৰ ৰাইজক অর্পণ কৰে। উদ্ভাৱকগৰাকীয়ে নিজে এক নং সোণাৰি গাঁৱৰ নামঘৰলৈ আহি ৰাইজক বিনামূলীয়াকৈ মাহ-প্রসাদ ধোৱা যন্ত্ৰটো প্ৰদান কৰাত ৰাইজে আনন্দ অনুভৱ কৰিছে। বিশিষ্ট উদ্ভাৱক উদ্ধৱ চন্দ্ৰ ভৰালীয়ে সাংবাদিকৰ আগত কয় যে ৰাইজক সহায় কৰাৰ অনুভৱেৰে বিগত সাত মাহ ধৰি চলোৱা প্ৰচেষ্টাৰ অন্তত এই যন্ত্ৰটো উদ্ভাৱন কৰা হৈছে। 

    উল্লেখযোগ্য যে বিশিষ্ট উদ্ভাৱকগৰাকীয়ে ১৮১ সংখ্যক এই যন্ত্ৰটো উদ্ভাৱন কৰিছে। পকা মিঠৈ তৈয়াৰ কৰা যন্ত্ৰ উদ্ভাৱন কৰাৰ পাছত মাহ-প্ৰসাদ ধোৱা যন্ত্ৰ উদ্ভাৱন কৰি ধৰ্মীয় অনুষ্ঠানসমূহৰ বাবে ডাঙৰ সকাহ আনিলে।

    উৎসঃ দৈনিক জনমভূমি