ডিজিটেল ডেস্ক: শেহতীয়া কৈ হিমন্ত বিশ্ব শৰ্মা কেবিনেটে গ্ৰহণ কৰা ৰাজ্যত ৰাজহুৱা স্থানত গো-মাংস নিষিদ্ধ কৰা সিদ্ধান্তৰ পাছতে ৰাজ্যত এক উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হৈছিল৷ ইয়াৰ মাজতে প্ৰশ্ন উত্থাপন হৈছে যে গাহৰি মাংসও নিষিদ্ধ কৰিব নেকি অসম কেবিনেটে?
আজি এক্সৰ এটা প’ষ্টৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰি দিছে যে গাহৰি মাংস নিষিদ্ধ কৰাৰ কোনো পৰিকল্পনা নাই৷ ইয়াৰ পৰিৱৰ্তে পৰৱৰ্তী বাজেটত গাহৰি আৰু হাঁহ-কুকুৰা পালনৰ বাবে আঁচনি মুকলি কৰাৰ প্ৰস্তুতি চলাইছে বুলি উল্লেখ কৰে৷ মুখ্যমন্ত্ৰীগৰাকীয়ে গাহৰি বা হাঁহ-কুকুৰা পালনৰ কাম হাতত ল’ব বিচৰা ইচ্চুক যুৱক যুৱতীৰ বাবে পৰৱৰ্তী বাজেটত ভাল আঁচনি আহি আছে বুলি উল্লেখ কৰে৷
প্ৰসংগক্ৰমে মুখ্যমন্ত্ৰী শৰ্মাই কয় গাহৰিক দেৱীৰ ৰূপ বুলি গণ্য কৰা নহয়, গতিকে গাহৰিৰ মাংস নিষিদ্ধ কৰাৰ কোনো প্ৰশ্নই উত্থাপন নহয়।আৰু যদি গাহৰিৰ মাংস নিষিদ্ধ কৰা হয় তেন্তে ছাগলী মাংসও নিষিদ্ধ কৰিব লাগিব বুলি উল্লেখ কৰে৷
মুখ্যমন্ত্ৰীগৰাকীয়ে অসমত বহনক্ষম আৰু অৰ্থনৈতিকভাৱে কাৰ্য্যক্ষম কৃষি পদ্ধতিৰ প্ৰসাৰৰ বাবে চৰকাৰৰ বৃহত্তৰ দৃষ্টিভংগীৰ অংশ হিচাপে এই ঘোষণা কৰিছে বুলি সদৰি কৰে৷
ইফালে মানকাচৰৰ বিধায়ক আমিনুল ইছলামে অসম চৰকাৰে হোটেল, ৰেষ্টুৰেণ্ট, সমাৱেশত গো-মাংস সেৱন নিষিদ্ধ কৰাৰ সিদ্ধান্তক তীব্ৰ গৰিহণা দি ইয়াক ধৰ্মনিৰপেক্ষতাৰ ওপৰত আক্ৰমণ বুলি অভিহিত কৰাৰ লগতে ৰাজ্যখনৰ মুছলমান সম্প্ৰদায়ক লক্ষ্য কৰি লোৱা বুলি দাবী কৰিছিল।
বিধায়ক গৰাকীয়ে এই সিদ্ধান্ত স্পষ্টভাৱে নিৰ্বাচনৰ পূৰ্বে ভোটাৰক মেৰুকৰণ কৰাৰ প্ৰয়াস বুলি অভিহিত কৰিছে। তেওঁ কংগ্ৰেছৰ সাংসদ ৰকিবুল হুছেইন আৰু অসম কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই বিজেপিৰ সৈতে লগলাগি গো-মাংসৰ বিতৰ্ক সৃষ্টি কৰা বুলিও অভিযোগ কৰিছে৷ আৰু কংগ্ৰেছ নেতাসকলৰ পৰা এই সন্দৰ্ভত স্পষ্টিকৰণৰ দাবী জনাইছে৷
অসম চৰকাৰৰ এই পদক্ষেপে তীব্ৰ বাক-বিতণ্ডাৰ সৃষ্টি কৰিছে, একাংশ লোকে স্পষ্টভাৱে এই সিদ্ধান্তক সাম্প্ৰদায়িক বুলি অভিহিত কৰাৰ লগতে । অসম চৰকাৰক কটাক্ষ কৰি চৰকাৰে অসমৰ ভৱিষ্যত ধ্বংস কৰা অবাধ ড্ৰাগছ সৰবৰাহৰ প্ৰতি চকু মুদি সাম্প্ৰদায়িক বিষয়ত মনোনিৱেশ কৰিছে৷ আৰু বহুটো জলন্ত সমস্যা আছে সেইবিলাকৰ ওপৰত দৃষ্টি নিক্ষেপ কৰিবলৈ আহ্বান জনাইছে৷
Leave A Comment