• অসমৰ ডলু চাহ বাগিচাত তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ লকআউটৰ ঘোষণা

    আঞ্চলিক
    অসমৰ ডলু চাহ বাগিচাত তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ লকআউটৰ ঘোষণা
    ডিজিটেল ডেস্কঃ অসমৰ কাছাৰ জিলাৰ ডলু চাহ বাগিচাখনৰ পৰিচালনা সমিতিয়ে মঙলবাৰৰ পৰা কার্যকৰী হোৱাকৈ চাহ বাগিচাখনত সম্পূর্ণ বন্ধৰ ঘোষণা কৰিছে ৷চাহ বাগিচাখনৰ ডেপুটি মেনেজাৰ সুপ্ৰিয়া শিকদাৰে জাৰি কৰা এক নিৰ্দেশত উক্ত চাহ বাগিচাখন বন্ধ কৰাৰ কথা ঘোষণা কৰে। উল্লেখযোগ্য যে এই লকআউটৰ ফলত প্ৰায় ১৫০০ স্থায়ী শ্ৰমিক আৰু প্ৰায় ১০০০ অস্থায়ী শ্ৰমিক অনিৰ্দিষ্ট সময়ৰ বাবে নিবনুৱা হৈ পৰিব। ডেপুটি মেনেজাৰে জাৰি কৰা নিৰ্দেশ অনুসৰি চাহবাগিচাখনৰ এটা বৃহৎ অংশৰ শ্ৰমিকে বাগিচা পৰিচালনা সমিতিৰ নিৰ্দেশনা সমূহ নিয়মীয়াকৈ অমান্য কৰা বাবেই চাহবাগিচাখন বন্ধ কৰাৰ কথা ঘোষণা কৰা হয়। তেওঁলোকে নিজৰ ইচ্ছামতে কাম কৰি থকাৰ ফলত চাহবাগিচাখন বিভিন্ন ধৰণৰ বেমেজালি সৃষ্টি হৈছিল বুলিও মেনেজাৰ গৰাকীয়ে উল্লেখ কৰিছে।

    লকআউটৰ জাননীখনত কোৱা হৈছে যে আইনৰ অবৈধতা আৰু শ্ৰমিকসকলে কৰ্মক্ষেত্ৰত ৰিপৰ্ট দিয়াত পলম হোৱাৰ বাবে প্লাকিং ৰাউণ্ড বজাই ৰাখিব পৰা নগ’ল, যাৰ ফলত উৎপাদিত চাহৰ পৰিমাণ আৰু গুণগত মানৰ ক্ষেত্ৰত ড’লু চাহ বাগিচাৰ পৰিচালনা সমিতিয়ে অপূৰণীয় ক্ষতিৰ সন্মুখীন হ’বলগীয়া হৈছে। পৰিচালনা সমিতিৰ মতে বাগিচাখন অৰ্থপূৰ্ণভাৱে চলোৱা আৰু পৰিচালনা কৰাটো একেবাৰে অসম্ভৱ হৈ পৰিছিল, সেয়েহে সমিতিখনে বাগিচাখনৰ সকলো কাৰ্য্যকলাপৰ প্ৰতি লক্ষ্য ৰাখি লকআউট ঘোষণা কৰে।ইয়াৰোপৰি‌ চিকিৎসা,পানী যোগান,বিদ্যুৎ আৰু নিৰাপত্তাৰ দৰে জৰুৰীকালীন সেৱাৰ বাহিৰে বাগিচাখনৰ সকলো কাম তাৎক্ষণিকভাৱে‌ বন্ধ কৰিবলৈও পৰিচালনা সমিতিয়ে  নিৰ্দেশ দিয়ে।

    লকআউটৰ সময়ছোৱাত কৰ্মচাৰীসকলে কোনো ধৰণৰ মজুৰি, ৰেচন, আৰু আনুষংগিক সুবিধাৰ অধিকাৰী নহ’ব বুলি জাননীত উল্লেখ কৰা হৈছে। চাহ বাগিচাৰ এগৰাকী কৰ্মীয়ে কয় যে মেনেজমেণ্টে লোৱা তেনে সিদ্ধান্তৰ বিষয়ে পূৰ্বে তেওঁলোক জ্ঞাত নাছিল। তেওঁলোকে পুৱা নিয়মীয়াকৈ কামলৈ আহিছিল‌ আৰু লকআউটৰ দৰে সিদ্ধান্তৰ বিষয়েও তেওঁলোকে হঠাতে জানিছিল। শ্ৰমিক সকলে নিজৰ ভবিষ্যতক লৈ আশংকা প্ৰকাশ কৰি গোটেই সপ্তাহটোৰ পেমেন্ট লাভ কৰা নাই বুলিও উল্লেখ কৰিছে ।

    ইপিনে ৰাজ্যসভাৰ তৃণমূল কংগ্ৰেছৰ সাংসদ সুস্মিতা দেৱে টুইট কৰি কয় যে সকলোৱে বানপানীৰ বিৰুদ্ধে যুঁজ দিয়াত ব্যস্ত থকাৰ সময়তে শিলচৰৰ বিমানবন্দৰৰ ভূমি অধিগ্ৰহণৰ বাবে ডলু চাহ বাগিচাখনে লকআউট ঘোষণা কৰিছে। ৰাজ্যখনত বানৰ অবৰ্ননীয় সংকটৰ মাজত চাহ বাগিচাৰ শ্ৰমিক অনিৰ্দিষ্ট সময়ৰ বাবে নিবনুৱা হৈ যোৱাৰ পৰিস্থিতিক অতি ভয়াবহ বুলি উল্লেখ কৰিছে।

    উল্লেখযোগ্য যে অঞ্চলটোত ‘গ্ৰীণফিল্ড বিমানবন্দৰ’ নিৰ্মাণৰ বাবে ৰাজ্য প্ৰশাসনে ডলু চাহ বাগিচাৰ প্ৰায় ৩০ লাখ জোপোহা চাহ আৰু হাজাৰ হাজাৰ ছাঁ-যুক্ত গছ পূৰ্বে উভালি পেলাইছিল।